মানসিক যান্ত্ৰণা – দুলেশ্বৰ বেজবৰুৱা

অণুগল্প

মানসিক যান্ত্ৰণা

দুলেশ্বৰ বেজবৰুৱা
ডিমৌ ৰাইচাই, শিৱসাগৰ

ভগৱান বিতুষ্টি হোৱাৰ কাৰণেই হয়তো নয়নতৰাই শাহুৱেক বিদিশাক ভাড়াঘৰৰ পৰা অকথ্য গালি পাৰি ওলাই যাবলৈ নিৰ্দেশ দিয়া কথাটোৱে শিৰাই শিৰাই কম্পমান হ’ল। সামান্য পাৰিবাৰিক কথাতে ক্ষুন্ন হৈ তেনে এটা স্থিৰ সিদ্ধান্ত ল’লে তাই কল্পনাই কৰিব নোৱাৰিলে। কেতিয়াবা নিকৃষ্ট মানসিকতাই এখন সুখৰ সংসাৰ ধ্বংসৰ গঢ়ালৈ ঠেলি দিব পাৰে। এই কথা বিদিশাই গভীৰভাৱে উপলব্ধি কৰিলে। হাজাৰ হ’লেও কিতাপৰ জ্ঞানেই যথেষ্ট নহয়। এই ক্ষেত্ৰত নৈতিকতা আৰু চাৰিত্ৰিক বৈশিষ্ট্য পূৰ্ণতাপ্ৰাপ্ত নহ’লে অৰ্থাৎ সংস্কাৰী মনৰ অভাৱ হ’লে মানুহৰ মনত আক্ষুৰিক ভাৱৰ সৃষ্টি হয়। তেনে মনোভাৱ থাকিলে হয়তো ভগৱান বিতুষ্টি হৈ হৃদয়ৰ পৰা আঁতৰি যায়? এতিয়া বিদিশাই মানসিক যান্ত্ৰণাত ভোগী চাটিফুটি মৰিছে। সেয়েহে বিদিশাই ভাড়াঘৰৰ পৰা ওলাই পুৰণি ঘৰখনলৈ ৰাওনা হৈছে।