মানসিকতা সলনি কৰক – সত্যজিৎ গগৈ

মানসিকতা সলনি কৰক
জীৱনৰ আধা সময় পাৰ কৰিছোঁ।আধা মানে ৬০ বছৰ আয়ুস হ’লে ৩০ বছৰ ধৰক নাইবা ৮০ বছৰ আয়ুস হ’লে ৪০ বছৰ।যি কি নহওক।এই সময়খিনিত বিভিন্ন ঠাই ভ্ৰমি বিভিন্ন মানুহক লগ পাইছোঁ।বহু ভাল মানুহ আৰু বহু বেয়া মানুহ।বহু শিক্ষিত মানুহ আৰু বহু অশিক্ষিত মানুহ।এতিয়া ভাল মানুহ বুলি যে কৈছোঁ।কেনেধৰণৰ ভাল মানুহ বুলি হয়তো আপোনাৰ মনত প্ৰশ্ন হ’ব পাৰে নহয়নে! প্ৰথমতে মই সেই সকলক ভাল মানুহ বুলি কব খুজিছোঁ যে যিসকলে নিজৰ সমাজখনৰ ভালৰ বাবে চিন্তা কৰাৰ লগতে কৰ্ম কৰে আৰু সেই সকলক বেয়া মানুহৰ শাৰীত ৰাখিব খুজিছোঁ।যিসকলে সমাজৰ উন্নতিৰ কথাটো বাদেই দিয়ক।কেৱল নিজৰ উন্নতি তথা নিজকে বহু উচ্চ শ্ৰেণীৰ মানুহ হিচাপে চিনাকী দিব খোজে।দ্বিতীয়তে শিক্ষিত আৰু অ-শিক্ষিত মানুহৰ কথা ক’ব খুজিছোঁ।শিক্ষিত বুলি সেই সকলক ক’ব বিচাৰোঁ যে যিসকলে বহু আনুষ্ঠানিক শিক্ষা লৈছে।লগতে আচাৰ-ব্যৱহাৰ,সৰুক মৰম-চেনেহ,জেষ্ঠজনক সন্মান,মানৱীয় প্ৰমূল্যবোধ,সহযোগিতা,শিষ্টাচাৰ আদি সকলো দিশৰ জ্ঞান আছে।অন্যহাতে অ-শিক্ষিত বুলি সেই সকলক ক’ব বিচাৰোঁ যে যিসকলে বহু ডিগ্ৰী লৈছে হয়।কিন্তু সেই শিক্ষাৰ সদ্ ব্যৱহাৰ নাজানে।কেৱল স্বাৰ্থৰ বাবেহে মিতিৰালী গঢ়ে।আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱাৰ সুবিধা লৈ সভা সমিতিত গামোছা পিন্ধিব খোজে।কোনো অনুষ্ঠানৰ গুৰু দায়িত্ব  টকাৰে কিনিব বিচাৰে।কিন্তু সেই সন্মানৰ বাবে তেওঁলোক শিক্ষা থাকিও অ-শিক্ষিত।এনে বহু মানুহকো আমি লগ পোৱাৰ সৌভাগ্য হৈছে যে নিজৰ অঞ্চলটোৰ বাবে কোনো দিনেই ভাল চিন্তা কৰি নোপোৱাৰ পিচত কোনো ভাল চিন্তাৰ ব্যক্তিয়ে সমাজখনৰ উন্নতিৰ বাবে সমাজৰ লোকসকলক সু-সংগঠিত কৰি সচেতনতা বৃদ্ধি কৰিব খোজে।সেই সকলকো ঠাট্টা মস্কৰা,ওপলুঙা আদিৰে ওপচাই পেলাই সমাজখনক অধিক কলুষিত কৰে।তেনে লোকক আপুনিও জানো শিক্ষিত বুলিব?তাতকৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা কিন্তু সমাজখনক সকলো দিশৰ পৰা সদায় উচ্চ শ্ৰেণীলৈ লৈ যাব খোজা লোক সকলেই মোৰ দৃষ্টিত শিক্ষিত মানুহ।সেয়েহে মই সকলো লোকলৈ এটা কথা আহ্বান কৰিব খোজোঁ যে আপুনি নিজে কৰিব নোৱাৰা বা নকৰা কৰ্ম এটা অন্য লোকে কৰিলে সেই কামত সহযোগ কৰি নিজকে সঁচা অৰ্থত শিক্ষিত আৰু ভাল মানুহ বুলি চিনাকী দিয়ক।সেই চিন্তাৰেহে মানুহৰ মানসিকতা সলনি কৰিব পাৰি।যদিহে মানুহে মানুহক সহযোগিতা কৰিবলৈ শিকে।তেতিয়াই সমাজখন উন্নতিৰ পথত আগুৱাই যাব।অন্যথা নিজকে ভাল আৰু  শিক্ষিত বুলি জহ্ কৰি ফুৰা এনে কিছু মানুহৰ বাবেই সমাজখন ভাগি চূড়মাৰ হ’ব।এতিয়া আপুনি মানসিকতা পৰিবৰ্তন কৰিব নে সমাজখনক ধ্বংস কৰাত অৰিহণা যোগাব !
সত্যজিৎ গগৈ, ডিব্ৰুগড়