মাটিৰ মানুহ – আয়নাল হক

মাটিৰ মানুহ
আয়নাল হক, ধুবুৰী
আৰু কোনোদিনেই নকওঁ
মোৰ সপোন হেৰুৱাৰ যন্ত্ৰণাৰ কথা
নকওঁ মই
উজাগৰী ৰাতিৰ গোপন ব্যথা।
কপালৰ লিখন
কেনেকৈ হ’ব খণ্ডন ?
নালাগে জানিব
পাই হেৰুৱাৰ বেদনাই
হৃদয় ভঙাৰ কাহিনী–!
মৌন পৃথিৱীৰ আলিঙ্গনত
অলক্ষিতে থাকক গোপন উচুপনি।
হৰা-জিকাৰ কাহিনীবোৰেৰে
আনক দিব নোখোজোঁ বিৰক্তি।
জীৱনটো নিজৰ
সাহসেৰে আগবাঢ়িম আন্ধাৰ নাশি।
আহিছোঁ অকলে
যামেগৈ অকলে
পৃথিৱীৰ মায়া-মোহ সকলো ছিঙি–!
মাটিৰ মানুহ
মাটিতেই মিলি
পাৰ হ’ম জীৱন নামৰ
এই বিশাল বৈতৰণী
তেতিয়াতো নেদেখোঁ কাৰো চকুৰ পানী…।