মাজুলী মহাবিদ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় শৈক্ষিক কৰ্মশালা সম্পন্ন

মাজুলী মহাবিদ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় শৈক্ষিক কৰ্মশালা সম্পন্ন
বিকাশ শইকীয়া , মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ১০ অক্টোৱৰ পালিত হ’বলগীয়া বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ উচ্চশিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত বৰ্তমানৰ সমাজখনত মানসিক স্বাস্থ্য বিষয়ক যি অৱনতি দেখা গৈছে সেই বিষয়ত বিশেষভাৱে আলোচনা কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় মহাবিদ্যালয়খনিৰ ইংৰাজী বিভাগৰ অধ্যাপিকা প্ৰজ্ঞা পাৰমিতা কৌশিকে। মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই শাৰীৰিক স্বাস্থ্যৰ লগতে বৰ্তমান সময়ত সমাজৰ ধামখুমীয়াত মানসিক স্বাস্থ্য ধ্বংসস্তূপত পৰিণত হ’বৰ হৈছে বুলি উল্লেখ কৰে। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা বৰ্ধিত আত্মহত্যাৰ উদাহৰণ দাঙি ধৰি অৰ্থনৈতিকভাৱে সৱল হ’লেও এজন ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ নহ’বও পাৰে বুলি মত পোষণ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাজুলী জিলা স্বাস্থ্য বিভাগৰ মানসিক স্বাস্থ্য বিষয়ক পৰামৰ্শদাতা হিমাশ্ৰী চৌধুৰীয়ে মানসিক চাপ আৰু হতাশাক আঁতৰ কৰি কিদৰে জীৱনটো জীপাল কৰি তুলিব পাৰি সেই বিষয়ে দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে উপস্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে। আন এগৰাকী সমল ব্যক্তি তথা জিলা স্বাস্থ্য বিভাগৰ পৰামৰ্শদাতা টুকুমণি ডেকাই ছাত্ৰ-ছাত্ৰীসকলক আত্মহত্যা বা তেনে ধৰণৰ আন মানসিক ব্যাধিৰ পৰা নিজকে কেনেকৈ নিলগাই ৰাখিব পাৰি সেই সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পিছতেই দুয়োগৰাকী সমল ব্যক্তিৰ লগত ছাত্ৰ-ছাত্ৰীসকল অন্তৰংগ আলাপত মিলিত হৈ ব্যক্তিগত বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে। মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, অজয় প্ৰসাদ সিং, গীতাৰাণী গোস্বামী, বিপুল ৰাজখোৱা, ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, ডঃ ৰূপজ্যোতি বৰা, ইন্দিৰা বড়া, তুলসী ৰাজখোৱা, নৱ দাস, ডঃ জয়া কলিতা গগৈ, আচাৰ্য মোহন দাস, প্ৰীতিৰেখা গগৈ, ডঃ দিব্যজ্যোতি বৰা, বিতোপন হাজৰিকা, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ত্ৰিশতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে মহাবিদ্যালয়ৰ তৰ্ক বিভাগৰ সম্পাদক সুজিত ঘোষে ।