মাজুলীৰ সাহিত্য -ৰ উদ্যোগত তথা অইল সংস্কৃতিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত বেতৰ বিচনী প্ৰস্তুত
এমহীয়া কৰ্মশালাৰ সফলতাৰে সামৰণি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয় ঐতিহ্যৰ প্ৰতীক স্বৰূপ হস্তশিল্পৰ অপূৰ্ব সম্ভাৰ আউনীআটীয় সত্ৰৰ হেঙুল হাইতাল বুলোৱা বেতৰ বিচনী প্ৰস্তুত উদ্যোগীকৰণ আৰু এই বিচনী জি আই টেগ অৰ্জনৰ প্ৰচেষ্টা কৰাৰ সংকল্পৰে এমাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বেতৰ বিচনী প্ৰস্তুতিৰ কৰ্মশালাৰ আজি সফলতাৰে সামৰণি পৰে । স্বেচ্ছাসেৱী অনুষ্ঠান “মাজুলীৰ সাহিত্য”ৰ উদ্যোগত অইল সংস্কৃতিৰ পৃষ্ঠপোষকতাত এক জুলাইৰ পৰা আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল এই কৰ্মশালা। মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ সভাখনিত উদ্দেশ্যে বাখ্যা কৰে মাজুলীৰ সাহিত্যৰ সম্পাদক গোবিন কুমাৰ খাউণ্ডে। সভাত অংশগ্ৰহণ কৰি মাজুলীৰ সাহিত্যৰ উপদেষ্টা, বিশিষ্ট গৱেষক দিলীপ কুমাৰ ফুকনে কয় যে এই দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন। কাৰণ মাজুলী তথা আউনীআটী সত্ৰৰ প্ৰতীক স্বৰূপ বেতৰ বিচনী খন কৰ্মশালাৰ যোগেদি বিশ্বমুখী কৰাৰ প্ৰয়াসৰ উদ্যোগ পৰ্বৰ আজি সামৰণি পৰিছে। ইয়াৰ পূৰ্বে সভাত উপস্থিত হোৱা বিশিষ্ট ব্যক্তি সকলক একোখন চেলেঙেৰে আদৰণি জনায় উদ্যোক্তা সকলে। প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকলে কৰ্মশালাতে তৈয়াৰ কৰা এখনি ৰঙা দৌল শৰাই আৰু হেঙুল বুলোৱা নালেৰে ৰাষ্ট্ৰীয় পতাকাৰে এই প্ৰশিক্ষণৰ মুখ্য উদ্যোক্তা কমল দত্তক সম্বৰ্ধনা জ্ঞাপন কৰে। মাহজোৰা কৰ্মশালত প্ৰশিক্ষক ৰূপে আউনীআটী সত্ৰৰ দেৱ প্ৰসাদ ভূঞা, নাৰায়ণ বৰা, নিৰণ কটকী, প্ৰবীন বৰা, পুষ্পধৰ শৰ্মা, খগেন শইকীয়া, খগেন হাজৰিকা, নতুন বোকোৰা গাঁৱৰ জীতেন শইকীয়া, জুগুনীধাৰী গাঁৱৰ দ্বীজেন বৰাই ত্ৰিশ গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। সভাত প্ৰশিক্ষক সকলৰ হৈ দেৱ প্ৰসাদ ভূঞা, খগেন শইকীয়া, জীতেন শইকীয়াই নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে। প্ৰথমবাৰলৈ মাজুলীৰ সাহিত্যই এই শিল্পটিৰ উত্তৰণৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ আৰু অইল ইণ্ডিয়া লিমিটেডে পৃষ্ঠপোষকতা কৰিবলৈ আগবাঢ়ি আহি যি জাতীয় দায়িত্ব পালন কৰিলে সি আউনীআটীৰ বুৰঞ্জীত লিপিবদ্ধ হৈ থাকিব বুলি আউনীআটী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ ভড়ালী হেৰম্ব প্ৰসাদ হাজৰিকাই বিশিষ্ট অতিথিৰ ভাষণত কয়। সভাত সত্ৰৰ হৈ নবীন বৰা বায়ণ, ললিত বৰা মজিন্দাৰ আৰু সাংবাদিক বিকাশ শইকীয়া ,মহানন্দ বৰা , দেৱজিৎ বৰা , মণিকাঞ্চন লাইভৰ স্বত্বাধিকাৰী মাণিক বৰা, উদীয়মান লেখক ভৱানন্দ হাজৰিকাই অংশ গ্ৰহণ কৰে। সমাজকৰ্মী যুগল ভুঞাই এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি ইয়াক অব্যাহত ৰাখিবলৈ আহ্বান জনাই। নবীন বৰা বায়নে সত্ৰৰ আপুৰুগীয়া সম্পদ বিধৰ চৰ্চাৰ ভটিয়নী পৰত স্বেচ্ছাসেৱী সংগঠনটোৱে লোৱা পদক্ষেপে শিল্পটোৰ আয়ুস বৃদ্ধি কৰিলে বুলি ব্যক্ত কৰি এই ক্ষেত্ৰত সত্ৰই পূৰ্ণ সহযোগিতা আগন্তক দিনত দিব বুলি আশা প্ৰকাশ কৰে। প্ৰশিক্ষাৰ্থী সকলৰ হৈ মুন শইকীয়া, পৱনজ্যোতি বৰা, বিপুল বৰুৱা, মাধুৰ্য শৰ্মা আদি কেইবাগৰাকীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে। সকলোৱে এই প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ প্ৰস্তাৱ দাঙি ধৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় -তিৰাশী বছৰ বয়সতো বেতৰ বিচনী বৈ বহাৰ পাঁচটাকৈ পোষ্যপুত্ৰ পালিত কৰি থকা নবীন শইকীয়া পালনমীয়া, কৰ্মশালাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰা পয়ষষ্ঠী বছৰীয়া দেৱ প্ৰসাদ ভুঞা প্ৰভৃতি আউনীআটী সত্ৰৰ বহু কেইগৰাকী জ্যেষ্ঠ হস্তশিল্পীক চৰকাৰে শিল্পী পেঞ্চন দিব লাগে বুলি ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত হয়। সত্ৰ চৌহদত হস্তশিল্পৰ প্ৰশিক্ষণ ,উৎপাদন আৰু বিক্ৰীৰ কেন্দ্ৰ এটা মাজুলীৰ সাহিত্য উদ্যোগত গঠিত হস্তশিল্প উন্নয়ন সমিতি স্থাপন কৰিবলৈ সত্ৰৰ পৰা সহায় বিচৰা হওক, এই কৰ্মশালাৰ লগতে জিআই টেগ অৰ্জনলৈকে অইল ইণ্ডিয়াৰ পৰা সহযোগ বিচৰা হওক আদি। উল্লেখযোগ্য,এই পদক্ষেপ আগুৱাই নিবলৈ মাজুলীৰ সাহিত্যই ” হস্তশিল্প উন্নয়ন সমিতি, আউনীআটী” ইতিমধ্যে গঠন কৰিছে। সভাই অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ প্ৰতি কৃতজ্ঞতা জনাই এক ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । শলাগৰ শৰাই আগবঢ়াই তদাৰক কমিতিৰ সম্পাদক নিৰণ কটকীয়ে।