মাজুলীত শোকাৱহ ঘটনা

Pc Istock

মাজুলীত শোকাৱহ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীত শোকাৱহ ঘটনা। বৰদোৱাৰ দীঘলীয়া ঘাটত মাছ ধৰিবলৈ গৈ সলিল সমাধি তিনিটি শিশুৰ। তিনিওটা শিশু দহ বছৰ তলৰ। কৰুণভাৱে মৃত্যুমুখত পৰা শিশুকেইটা ক্ৰমে ভাইটি দলে (১০), পিংকী দলে (৯) আৰু পূৰ্ণিমা দলে (৮) বুলি জানিব পৰা গৈছে। মাছ ধৰিবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা শিশুকেইটাৰ ঘৰ শ্ৰীলোহিত পঞ্চায়তৰ বৰদোৱাৰ গাঁৱত। দুপৰীয়া দীঘলীয়া পুখুৰীত মাছ ধৰিবলৈ গৈছিল তেওঁলোক। সন্ধিয়া ঘৰলৈ উভতি নহাত বিচাৰ-খোঁচাৰ কৰাত পুখুৰীত মেটেকাৰ তলত উদ্ধাৰ হয় তিনিওৰে মৃতদেহ।