অনুষ্ঠানটিত জিলাখনৰ তিনি গৰাকী বিশেষ ব্যক্তিক একোটিকৈ বঁটাৰে সন্মান জনোৱা হয়। সেই তিনি গৰাকী হৈছে ক্ৰমে মাজুলীৰ প্ৰায় সকলোৰে পৰিচিত শিল্পীদ্বয় ক্ৰমে- চন্দ্ৰ নয়ন দাসক “সংগীত সৌৰভ বঁটা -২০২৫” আৰু সুনীল (জীৱন) শইকীয়াক “শিল্পী প্ৰাণ বঁটা -২০২৫” আৰু মূদৈবিল চিৰাম বৰগুৰি অঞ্চলৰ উদীয়মান যুৱ উদ্যোগী প্ৰশান্ত কলিতাক “যুৱ উদ্যমী প্ৰেৰণা বঁটা -২০২৫” প্ৰদান কৰে । আয়োজক সমিতিয়ে ৰাজ্যিক সভাপতি অনুপ সিনহালৈ বিশেষভাবে কৃতজ্ঞতা জনাই । চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাত ক্ৰমে চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাহী শইকীয়াই প্ৰথম , ১৫৬ নং তেলিয়াবাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ মানৱজ্যোতি বৰাই দ্বিতীয় আৰু টকৌবাৰী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ চৰ্তুথ শ্ৰেণীৰ কৃৰ্তিকমল ৰাজখোৱাই তৃতীয় স্হান লাভ কৰে । খ শাখাত মাজুলী ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ নয়ন জ্যোতি দেউৰীয়ে প্ৰথম , চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ সপোন জ্যোতি বৰাই দ্বিতীয় আৰু চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পাৰ্থ প্ৰতিমা বৈৰাগীয়ে তৃতীয় স্হান লাভ কৰে। সভাপতিৰ মন্তব্যৰ পিছতে জাতীয় সংগীত পৰিবেশনেৰে সভাখনিৰ অন্ত পৰে।
মাজুলীত চেল্যুট ত্ৰিৰংগাৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

মাজুলীত চেল্যুট ত্ৰিৰংগাৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা , সমাজৰ তিনিজন ব্যক্তিলৈ বঁটা প্ৰদান
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত মাজুলী জিলা সমিতিৰ সহযোগত চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনিৰ অধ্যক্ষ পদুম কুমাৰ মহন্তই পতাকা উত্তোলন কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে চিৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বীপেন কলিতাই। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পূব মাজুলী মহাবিদ্যালয় প্ৰবক্তা বিপিন বৰা আৰু চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মহেন্দ্ৰ বৰা । প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে শিক্ষক অতুল চন্দ্ৰ বৰা আৰু মৃদুল বৰাই। ইয়াৰ পাছতে আৰম্ভ হয় মুকলি সভা । মুকলি সভাখনিত সভাপতিত্ব কৰে চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদুম কুমাৰ মহন্তই । অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে চেল্যুট ত্ৰিৰংগাৰ মাজুলী জিলা সমিতিৰ সভাপতি অঞ্জন শইকীয়াই । আদৰণি ভাষণৰ পাছতেই চেল্যুট ত্ৰিৰংগা মাজুলী জিলা সমিতিয়ে আমন্ত্ৰিত ব্যক্তি সকলক একোখনিকৈ তিৰংগ পতাকা প্ৰদান কৰাৰ লগতে তিনিগৰাকী শিক্ষাবিদক ফুলাম গামোচাৰে আদৰণি জনায় ।সভাখনিত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰৱক্তা দেৱজিত শইকীয়াই । বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি গণেশ ৰাজখোৱা, বিপিন চন্দ্ৰ বৰা, দীপক আগৰৱালাই সময়োপযোগী বক্তব্য ৰাখে।সভাৰ মাজতে মহেন্দ্ৰ বৰাৰ গীত আৰু মাজুলী বাসীৰ অতিকে পৰিচিত , মাটিৰ শিল্পী চন্দ্ৰ নয়ন দাসৰ গীতৰ অনুষ্ঠানে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।