২৬০ খন চৰকাৰী বিদ্যালয় পুনৰ খুলিব ছত্তীশগড় চৰকাৰে

২৬০ খন চৰকাৰী বিদ্যালয় পুনৰ খুলিব ছত্তীশগড় চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- দন্তেৱাড়া, চুকমা, নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাৰ কমেও ২৬০খন চৰকাৰী বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছে ছত্তীশগড় চৰকাৰে। মাওবাদী হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি ১৫ বছৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল বিদ্যালয়সমূহ। ৰাজ্যৰ প্ৰধান সচিব আলোক শুক্লাই কয় যে, ‘এই অঞ্চলসমূহত চৰকাৰে মাওবাদী সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱাৰ বাবে আমি এতিয়া সেইবোৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছো।