মহাৰাষ্ট্ৰৰ ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ ৩ খন আসন লাভ 

pc- Mint

মহাৰাষ্ট্ৰৰ ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ ৩ খন আসন লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰৰ ৰাজ্যসভা নিৰ্বাচনৰ ছয়খন আসনৰ ভিতৰত বিজেপিয়ে তিনিখন আসন লাভ কৰিছে, আনহাতে শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিয়ে এখনকৈ আসন লাভ কৰিছে। তিনিওজন বিজেপি প্ৰাৰ্থী, পীয়ুষ গোৱেল, অনিল বণ্ডে আৰু ধনঞ্জয় মহাদিক জয়ী হৈছিল। মহা বিকাশ আঘাদী মিত্ৰজোঁটৰ পৰা শিৱসেনাৰ সঞ্জয় ৰাউত, কংগ্ৰেছৰ ইমৰান প্ৰতাপগড়ী আৰু এনচিপিৰ প্ৰফুল পেটেলে বাকী তিনিখন আসন লাভ কৰে।