মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত বিনীতা দেৱীৰ পৰিচালনাত “ডেকাগিৰি” ৰ সফল মঞ্চায়ন

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত বিনীতা দেৱীৰ পৰিচালনাত “ডেকাগিৰি” ৰ সফল মঞ্চায়ন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কালাপাহাৰৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰ-মাধৱ সেৱাশ্ৰমে আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত সুৰজিৎ একাডেমীয়ে ২৬ ছেপ্টেম্বৰত “ডেকাগিৰি” নাট খন বুনৰাকো পুতলাৰ মাধ্যমত পৰিবেশন কৰে । নাট খনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ আৰু পৰিচালনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ। সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ। “ডেকাগিৰি” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিশু কালৰ আলমত ৰচিত। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত নাট কাৰ্যক্ৰমৰ এটি বিশেষত্ব কথা হ’ল অসমত পোন প্ৰথমবাৰৰ বাবে শ্ৰীমন্তশঙ্কৰদেৱৰ শিশুকালৰ আধাৰত ৰচিত নাট পুতলা সমূহ বুনৰাকো মাধ্যমত পৰিবেশিত কৰোৱা। পুতলা নাট খনৰ প্ৰতিটো দৃশ্য পুতলা সঞ্চালন কৰা শিল্পী সকলে সুন্দৰভাৱে সঞ্চালন কৰিছে। পুতলাৰ খোজ, অংগী- ভঙ্গী, শৰীৰৰ সঞ্চালন, নদীত সতুৰা, শিহুৰ লগত খেলা, চৰাই ধৰা, সাপ, গাই গৰু সঞ্চালন আদি সকলো দিশ জীৱন্ত ৰূপত দাঙি ধৰিব পাৰিছে। পুতলা সমূহ যেন মানৱৰ তেনে অনুভৱ কৰি তুলিছিল। নাট খনত মঞ্চ সজ্জা, আলোকৰ ব্যৱস্থাপনা সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। নাট খনত পুতলাৰ মাধ্যমত শঙ্কৰদেৱ, খেৰসূতী, মহেন্দ্ৰ কন্দলী, নৱ প্ৰসুতা, শিশু দুগৰাকী সঞ্চালনত কোনো ধৰনৰ জড়তা নাছিল। নাট খনত ছাঁ পুতলাৰ জৰিয়তে কীৰ্ত্তন ঘৰ, মহেন্দ্ৰ কন্দলীৰ শিক্ষাদান কুটিৰ, শংকৰ দেৱৰ ঘৰৰ পৰিবেশ সুন্দৰভাৱে উপস্থাপন কৰিছে। পুতলা নাটৰ পৰিচালক বিনীতা দেৱীয়ে সুন্দৰভাৱে পুতলা সমূহ জীৱন্ত ৰূপ দি দৰ্শকৰ আগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিশুকালৰ ঐশ্বৰিক শক্তি বিৰাজ মান কৰাইছিল। নাটত বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ ভাৰতৰ অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক বিশাল ব্যক্তিত্ব দেখুওৱা হৈছিল। শংকৰদেৱৰ শৈশৱৰ পৰা আন সকলো শিশুৰ তুলনাত কিছুমান ব্যতিক্ৰমী গুণ আছিল। শংকৰদেৱৰ সৰুৰে পৰা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰতি এক প্ৰকৃত প্ৰেম আছিল। শিশু শংকৰলৈ পাৰ হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁৰ ভূমিকা এক ঐশ্বৰিক শক্তি বুলি প্ৰমাণিত হৈছিল। এই নাটকখনত শংকৰদেৱৰ অলৌকিক কৃতিত্ব আৰু শিশু শংকৰদেৱৰ অলৌকিক ঘটনাসমূহ পুতলাৰ জৰিয়তেও সম্ভৱ কৰি তুলিছিল বিনীত দেৱীৰ পৰিচালনাত গুৱাহাটীৰ কলাপাহাৰৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত । সম্পূৰ্ণ অসমীয়া সাজ পাৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ সাজপোছাক দাঙি ধৰিব পাৰিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত নাট খন চাই দৰ্শক সকল অভিভূত হৈ পৰে। মহাপুৰুষ জনাৰ শৈশৱ কালৰ ঐশ্বৰিক শক্তি সমূহ পুতলাৰ জৰিয়তে দেখি নাটৰ ৰচক আৰু পৰিচালকক প্ৰশংসাৰে ওপচাই তোলে।মহাপুৰুষ জনাৰ জীৱন কাহিনী মঞ্চত দেখি দৰ্শক সকলে সেৱা জনায়। নাটৰ মুখ্য চৰিত্ৰত শংকৰদেৱৰ চৰিত্ৰত কণ্ঠৰ শব্দৰে অভিনয় কৰা হাৰ্দিক শৰ্মাক আপ্লুত হৈ আঁকোৱালি লয়। এই নাট কাৰ্যক্ৰমৰ এনে এক মহান কাৰ্য্যই অসমৰ বাবে শুভ লক্ষণ । শিক্ষাৰ ক্ষেত্ৰটো এই ধৰণৰ নাট বিশেষ অৰিহণা যোগাব আৰু সমাজত আধ্যাত্মিক দিশৰে এক নতুন দিগন্ত সূচনা হ’ব বুলি শংকৰী কলা কৃষ্টিৰ সাধক সকলে নাট খন চাই মতামত দাঙি ধৰে। নাট খনৰ প্ৰতিটো দৃশ্য খুব সুন্দৰভাৱে প্ৰতিফলিত কৰাত বিনীতা দেৱীক প্ৰশংসা কৰে দৰ্শক সকলে। এনে ধৰণৰ গৱেষণামূলক নাট পৰিবেশিত কৰাই অসমৰ লোক কলাবিধ আগবঢ়াই নিয়ে তাকেই দৰ্শক সকলে উত্থাপন কৰে। মহাপুৰুষ শংকৰদেৱৰ শৈশৱ মঞ্চত উপস্থাপন কৰাত নাট উপভোগ কৰিব অহা সকলো সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, গৱেষক সকলে নাটখনৰ ৰচক আৰু পৰিচালকৰ এই মহান সৃষ্টিক প্ৰশংসা কৰে। নাট খনত পুতলা সমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, সীমা দেৱী, ৰেকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, অংগৰাগ মহন্ত, তৃষ্ণা কলিতা, লনি কাকতি, সীমান্ত শৰ্মা, পলক কৈৰী, কৌস্তভ চৌধুৰী আৰু গণেশ বড়ো। পুতলা সমূহৰ কণ্ঠস্বৰত শঙ্কৰদেৱ (শিশু) হাৰ্দিক শৰ্মা, খেৰসূতী বিনীতা দেৱী, কুসুম্বৰ শিৰোমণি ভূঞা/ নৰোত্তম সীমান্ত শৰ্মা, নৱ প্ৰসুতা সীমা দেৱী, মহেন্দ্ৰ কন্দলি/ শঙ্কৰদেৱ (জ্যেষ্ঠ) দিগন্ত মাধৱ গোস্বামী, পৰমানন্দ কৃতাৰ্থ শৰ্মা, আৰু শিশু সকল আছিল কৃষ্টি ৰাজবংশী আৰু নিহৰিকা দাস। সীমান্ত শৰ্মাৰ ৰচিত নাট সমূহত কোনো ধৰণৰ অলাগতীয়া শব্দ ব্যবহাৰ নকৰি প্ৰতিটো শব্দ অসমীয়া সাহিত্যৰ অৰ্থ পূৰ্ণ শব্দ ব্যবহাৰেৰে নাটক খনৰ মূল্য বোধ শক্তিশালী ৰূপত দাঙি ধৰিছিল । বিনীতা দেবীৰ পৰিচালিত নাট সমূহ সমাজ ব্যৱস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেওঁ আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেওঁৰ পৰিচালনাৰ প্ৰতি খন নাট অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। নাটখন ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমত সুণাম কঢ়িয়াই আনিছে । এচাম শিশু, যুৱক-যুৱতীক এইদৰে লোক কলা সমূহ প্ৰশিক্ষন প্ৰদান কৰি পৰিবেশন কৰাটো অসমৰ বাবে শুভ লক্ষন। বিনীতা দেৱী আৰু সীমান্ত শৰ্মাৰ এই নাট্য যাত্ৰা অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা নাট যাতে পাওঁ আৰু অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো।