মহম্মদ চিৰাজলৈ ইংলেণ্ডৰ দৰ্শকে দলিয়ালে বল
অনলাইন বাৰ্ত্তাসেৱা- টীম ইণ্ডিয়াৰ বলাৰ মহম্মদ চিৰাজ ইংলেণ্ডৰ দৰ্শকৰ অভব্য আচৰণৰ সন্মুখীন হৈছে। খেলুৱৈজনক লক্ষ্য কৰি শেহতীয়াকৈ একাংশ ইংৰাজ দৰ্শকে বৰ্ণবৈষম্যমূলক মন্তব্য কৰিছিল। এই ঘটনাৰ চৰ্চা চলি থকাৰ সময়তে এইবাৰ খেলপথাৰৰ ভিতৰতে বলাৰগৰাকী দৰ্শকৰ আক্ৰোশৰ বলি হʼল। টীম ইণ্ডিয়াৰ উইকেটকীপাৰ ঋষভ পন্তে হেডিংলে টেষ্টৰ প্ৰথম দিনাৰ খেলৰ অন্তত সাংবাদিকৰে হোৱা মুখামুখিত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মেচখনৰ প্ৰথম দিনা চিৰাজে বাউণ্ডেৰী লাইনত ফিল্ডিং কৰি থকাৰ সময়ত দৰ্শকৰ মাজৰ পৰা কোনোৱে তেওঁক লক্ষ্য কৰি বল নিক্ষেপ কৰিছিল। ঋষভ পন্তে এই কথা প্ৰকাশ কৰি কয় যে কোনো খেলুৱৈৰ বিৰুদ্ধে লোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিব পাৰে কিন্তু শৰীৰক লক্ষ্য কৰি বল নিক্ষেপ কৰাটো কোনোমতে সমৰ্থনযোগ্য নহয়। লৰ্ডছ টেষ্টত ঘৰুৱা দল ইংলেণ্ড পৰাজয়ৰ মূলতে মহম্মদ চিৰাজৰ বলিং আছিল। চিৰাজৰ উক্ত প্ৰৰ্দশনৰ পাছতেই ইংৰাজ দৰ্শকে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
(RT)