ময়েই তোৰ দুচকুৰ তৰাভৰা আকাশ – সত্যজিৎ গগৈ

PC - iStock
ময়েই তোৰ দুচকুৰ তৰাভৰা আকাশ
সত্যজিৎ গগৈ,
নাহৰকটীয়া, ডিব্ৰুগড়
পথাৰৰ গান গাই ঘৰলৈ উভতিম
তোৰ আলফুল দুগালত চুমা আঁকি দিম
মোৰ বুকুত বহি আছে
তোৰ মৰমৰ ঢৌ
আন্ধাৰো লুকাই য’ত
বিয়পাই সোণোৱালী পোহৰ
মই তোৰ কাষলৈ যাওঁ
বুকুত বান্ধি নিওঁ প্ৰেম
হেৰাই যাওঁ তোৰ দুবাহুত
মই যে পমি আছোঁ তোৰ তেজত
তই আহিলে জোন জ্বলে
তই আহিলে বুকুত ফুল ফুলে
ইমান জীয়া জোনাকৰ মাজতো
মোৰ দুচকুৱে কিয় বিচাৰে আন্ধাৰ
এবাৰ ভাবি চাচোন
কি পালো কি হেৰুৱালোঁ …