কঁহুৱা ফুলৰ হাঁহি – আয়নাল হক

PC - SANGBAD PRAHARI
কঁহুৱা ফুলৰ হাঁহি
আয়নাল হক, ধুবুৰী 
চেঁচা বতাহ এছাটিয়ে
গালে-মুখে চুই
কাণে কাণে কৈ গ’ল–
শৰৎ আহিল–!
নদীৰ দুয়োপাৰ উপচিব
শুভ্ৰ কঁহুৱাৰ মনগলা হাঁহিৰে–
যেন হালি-জালি
শৰতক আদৰণি জনোৱাৰ
মিঠা আয়োজন–!
শাৰদী ৰাণীয়ে দিব
সুবাসী শীতল ৰজনী!
অভিনৱ অনুভৱে
কবিক উপহাৰ দিব
উজাগৰী শেতেলি।
নীলাবোৰ চুই চুই
উৰি যাব শৰালি–!
শুকুলা মেঘে সপোন গুজি দিব
মায়াৱী ছবি আঁকি আঁকি…।