‘মন্দিৰনগৰী’ অযোধ্যাত ৰে’ল জংচন আৰু বিমানবন্দৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

‘মন্দিৰনগৰী’ অযোধ্যাত ৰে’ল জংচন আৰু বিমানবন্দৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মন্দিৰনগৰী’ অযোধ্যাত ৰে’ল জংচন আৰু বিমানবন্দৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ‘অযোধ্যাধাম ৰে’ল জংচন’ আৰু মহর্ষি বাল্মীকি বিমানবন্দৰো আনুষ্ঠানিকভাবে মুকলি কৰে প্রধানমন্ত্রীগৰাকীয়ে। অযোধ্যাত উপস্থিত থাকি প্রধানমন্ত্রী মোদীয়ে আগন্তুক ২২ জানুৱাৰীত দেশবাসীক ‘মন্দিৰনগৰী’লৈ নাহি ‘অকাল দীপাৱলী’ৰ আয়োজন কৰিবলৈ আহ্বান জনায়। ১৪০ কোটি ভাৰতীয়ৰ ওচৰত প্ৰধানমন্ত্ৰগৰাকীৰ অনুৰোধ যাতে সেইদিনা প্রত্যেকেই ঘৰত ‘ৰামজ্যোতি’ বা ৰামৰ নামত বস্তি জ্বলায়। লক্ষণীয়ভাৱে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ অনুষ্ঠানটো সমগ্র দেশত এক বিশাল অনুষ্ঠান হিচাপে উদযাপনৰ চিন্তা-চৰ্চা চলাইছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। হিন্দু মতে, শ্ৰীৰামচন্দ্ৰই যেতিয়া ৰাৱণক বধ কৰি অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰিছিল, তেতিয়া সমগ্র অযোধ্যা নগৰীয়ে ‘অকাল দীপাৱলী’ৰ আয়োজন কৰিছিল। আগন্তুক ২২ জানুৱাৰীত ‘নিজৰ ঘৰলৈ’ প্ৰত্যাৱৰ্তন কৰিব শ্ৰীৰামচন্দ্রই। প্রধানমন্ত্রীয়ে বিচাৰিছে ৰামৰ প্ৰত্যাৱৰ্তনৰ এই দিনটোত সমগ্র দেশ উদ্ভাসিত হৈ পৰক ‘অকাল দীপাৱলী’ত।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২২ জানুৱাৰীত অযোধ্যাত ৰাম বিৰাজমান হ’ব। দেশবাসীয়ে সেই দিনটোত নিজৰ ঘৰতো ৰামজ্যোতি জ্বলাওক। দীপাৱলী পালন কৰক। ২২ জানুৱাৰীৰ সন্ধিয়া সমগ্র দেশ আলোকময় হৈ পৰক বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে। অকল ২২ জানুৱাৰীয়েই নহয়, ইয়াৰ এসপ্তাহ পূৰ্বৰ পৰাই প্রধানমন্ত্রীয়ে দেশবাসীক মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱৰ সৈতে চামিল কৰোৱাৰ চেষ্টা চলাইছে। ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ মুকলি হোৱাৰ পূৰ্বে দেশৰ সকলো মন্দিৰ তথা তীর্থস্থান স্বচ্ছ হোৱা উচিত বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। গতিকে ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা সকলো তীর্থস্থানত স্বচ্ছতা অভিযান চলাবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২২ জানুৱাৰীত ৰাম মন্দিৰ বা অযোধ্যাত ভিৰ নকৰি ইয়াৰ পৰৱৰ্তী দিনটোৰ পৰা মন্দিৰ দৰ্শনৰ চেষ্টা চলাবলৈ দেশবাসীক অনুৰোধ জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাম মন্দিৰ নিৰ্মাণৰ জৰিয়তে অকল ধর্মই নহয়, অযোধ্যাৰ উন্নয়নো হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। বিগত ১০ বছৰ ধৰি কেৱল উন্নয়নৰ কাম কৰি থকা বুলিও মোদীয়ে উল্লেখ কৰে। বিশ্বৰ যিকোনো দেশক নতুন উচ্চতালৈ লৈ যাবলৈ হ’লে নিজৰ ঐতিহ্যক ৰক্ষা কৰিব লাগিব বুলি পুনৰ দোহাৰে মোদীয়ে। অযোধ্যাত প্ৰগতিৰ উৎসৱ হোৱা বুলি উল্লেখ কৰি মোদীয়ে কয় যে সমগ্ৰ চহৰখনে উন্নয়নৰ মূৰ্তি দেখিবলৈ পাইছে। বৈভৱ, বিজ্ঞান, বৈৰাগ্যৰ ভূমি অযোধ্যা আগন্তুক দিনত উত্তৰ প্ৰদেশৰ উন্নয়নৰ কেন্দ্রবিন্দু হ’ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে আগন্তুক দিনত অযোধ্যা ‘স্মার্ট চিটী’ত পৰিণত হ’ব বুলি প্রতিশ্রুতি দিয়ে মোদীয়ে। অযোধ্যাধাম ৰে’ল জংচন মুকলি কৰি প্রধানমন্ত্রীয়ে ৬খন ‘বন্দে ভাৰত’ আৰু দুখন ‘অমৃত ভাৰত’ এক্সপ্ৰেছ ৰে’লৰ আনুষ্ঠানিক সেৱা আৰম্ভ কৰে।  অযোধ্যাধাম ৰে’ল জংচন ২৪০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ২,৩০০ কোটি টকাৰ তিনিটা ৰে’ল প্ৰকল্প দেশবাসীলৈ উৎসর্গা কৰে। প্রধানমন্ত্রী মোদীয়ে অযোধ্যাধাম জংচন উদ্বোধন কৰাৰ পিছত মহর্ষি বাল্মীকি বিমানবন্দৰো মুকলি কৰে। মুঠ ১৫,৭০০ কোটি টকাৰ বিভিন্ন প্রকল্প  উদ্বোধন কৰাৰ উপৰি এইবোৰ দেশবাসীলৈ উৎসর্গা কৰে প্রধানমন্ত্রী মোদীয়ে।