মনোমোহা শৰত – প্ৰাণ প্ৰতিমা বড়া 

 মনোমোহা শৰত
প্ৰাণ প্ৰতিমা বড়া 
গুৱাহাটী
 “আমালমোল শেৱালিৰ গোন্ধ
  যাওঁ বুলি যাবই নোখোজেচোন’’
শৰত মানে যেন মনোমোহা সময়। বিভিন্ন সময়ত বিভিন্ন কবিৰ কবিতাত ,বিভিন্নজন লেখকৰ হাতৰ পৰশত শৰত ঋতুয়ে প্ৰাণ পায় উঠে। উষ্ম প্ৰকৃতিয়ে শান্ত,সৌম্য ৰূপ ধাৰণ কৰে। মানুহৰ মন প্ৰফুল্লিত হয় শৰতৰ সান্নিধ্যত । কুঁৱলীৰ আঁচল ফালি পুৱাৰ বেলিটিৰ মুকলিমূৰীয়া হাঁহিটিয়েও যেন শৰতৰ আগমনৰ বাতৰি দিয়ে। শৰতৰ স্পৰ্শত প্ৰকৃতিৰ ৰাণীয়েও প্ৰাণ পায় । উষ্ম পৰিবেশ সলনি হয় ।বৰষুণো লাহেলাহে কমি আহে। প্ৰকৃতিয়ে যেন নানান ৰূপত সাজোনকাচোন কৰে ।শৰত আমাৰ বাবে আশাৰ বতৰা। শৰতে বিলায় মনোমোহা প্ৰকৃতিৰ বুকুত স্নিগ্ধতা আৰু কোমলতা।
পাৰ্বতীপ্ৰসাদ বৰুৱাৰ কাব্যিক অনুভূতিত শৰতেও প্ৰাণ পায় উঠে —–
  “ আজি নীল আকাশত
   শুকুলা ডাৱৰৰ ধূলি উৰুৱাই
   সৌ পদূলিয়েদি আহিছে হ’বলা
   শাৰদী লখিমী আই’’
শৰতৰ সান্নিধ্যত শুকুলা ডাৱৰৰ বুকুত শান্ত আকাশৰ নীলাই সামৰে। শাৰদীয় শৰতৰ জোনাকী ৰাতিৰ প্ৰেমত যেন সকলোৱে মতলীয়া হয়। জোনাক ৰাতি জোনালীয়ে আৱেগৰ খেলা কৰে । সকলোৱে হৃদয় ব্যাকুল কৰে।   মহান শিল্পী ভূপেন হাজৰিকাদেৱৰ কণ্ঠতো যেন শৰতে প্ৰাণ পায় উঠে ।
 কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি–
নদীৰ পাৰত জকমকাই উঠা কহুঁৱা বনৰ লয়লাসেও যেন শৰতৰ বাতৰি আনে । কহুঁৱাৰ লয়লাসে মন উচাতন কৰে। হৃদয় ৰোমাঞ্চিত হয়।  কহুঁৱাৰ মনপৰশা লয়লাসে সকলোৱে মন উচাতন কৰে ।
  “ শাৰদীৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
শুভ্ৰ নীলা ওৰণি ফালি
কুঁৱলী -সূতাৰে বোৱা
পাতল ৰিহাখনি
থৰলগা বিলখনি
 তোমাৰ শুৱনি দাপোন’’
শৰতৰ আগমনত যেন প্ৰকৃতিয়ে শান্ত সৌম্য ৰূপ ধাৰণ কৰে। ডাৱৰৰ আঁচল ফালি কুঁৱলীৰ মিঠা আলিংগন আপোনভোলোৱা শেৱালিৰ বুকুত ।দুপৰ ৰাতি কুঁৱলীয়ে গীত জুৰে আৱেগৰ ।কুঁৱলীৰ মিঠা পৰশত শেৱালীপাহিৰ মিঠা হাঁহিত গাভৰু হোৱাৰ উমান পায়। দুপৰনিশা সমীৰণৰ গুঞ্জনত শেৱালিয়ে চৌদিশে মিঠা মিঠা সুবাস বিলায়। সকলোৰে মন আনন্দত মতলীয়া হয় ।জোনাক ৰাতিৰ জোনালীয়ে আৱেগৰ গীত জুৰে শৰতৰ বতৰত ।
শৰত মানেই যেন মনভোলোৱা আৱেগ ।প্ৰকৃতিয়ে ৰূপ ৰং সলায় ।বিনন্দীয়া প্ৰকৃতিয়ে যেন আনন্দ উল্লাহৰ বাতৰি আনে। শৰতৰ বতৰতে শক্তিৰূপিনী মা দুৰ্গা ধৰালৈ আহে ৷অসুৰক দমনৰ সেতু মা দুৰ্গাই ধৰালৈ আহে ।চৌদিশে কেৱল আনন্দ উৎসৱৰ বতৰ। ধণী,দুখীয়া,নিৱণুৱা ,খেতিয়ক সকলোৰে বাবে আনন্দৰ সময়।
শৰতৰ বতৰত মা দুৰ্গাই যিদৰে আসুৰিক শক্তিক নাশ কৰি সৰ্বত্ৰে আনন্দ উল্লাহ বিলাইছিল ঠিক সেইদৰে শৰতে সকলোৰে মনৰ পৰা আসুৰিক শক্তিক নাশ কৰি এখন সুন্দৰ সমাজ গঢ় লৈ উঠাৰ বাবে আমি আশাবাদী ।এইবছৰৰ শৰতেও সকলোৰে জীৱনলৈ শান্ত,সৌম্য পৰিবেশৰ লগতে আনন্দ -উল্লাসৰ বতৰা লৈ আহক ৷