মণিপুৰত হোৱা ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ মৃতদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে

Pc The Janambhumi

মণিপুৰত হোৱা ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ মৃতদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- মণিপুৰত হোৱা ভূমিস্খলনত ৰাজ্যখনৰ বহু লোক হতাহত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মণিপুৰত গৈ উপস্থিত হয়গৈ মন্ত্ৰী পীয়ুষ হাজৰিকা৷ মন্ত্ৰীজনে মণিপুৰৰ টুপুলৰ ভূমিস্খলনথলীত উপস্থিত হৈ চলি থকা উদ্ধাৰকাৰ্যৰ বুজ লয়৷ মণিপুৰ চৰকাৰৰ তথ্য দাঙি ধৰি মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰা মতে, এই ভূমিস্খলনৰ ফলত সেই স্থানত কৰ্মৰত সেনা জোৱানসহ ৭ জন অসমৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোকক উদ্ধাৰ কৰি চিকিৎসা কৰি থকা হৈছে৷ তদুপৰি আন ১৩জন সন্ধানহীন অসমৰ ব্যক্তিৰ লগতে আন আন ব্যক্তিসকলৰ উদ্ধাৰ অভিযান বৰ্তমানো চলি আছে৷ ঘটনাস্থলীত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই কিদৰে উদ্ধাৰকাৰ্য ক্ষিপ্ৰ কৰিব পাৰি সেই সন্দৰ্ভত উদ্ধাৰকাৰ্যত নিয়োজিত বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত প্ৰয়োজন হ’লে সহায় কৰিবৰ বাবে অসম চৰকাৰ প্ৰস্তুত আছে বুলিও জানিবলৈ দিয়ে৷ আনহাতে অসমৰ লোকৰ মৃতদেহসমূহ ৰাজ্য চৰকাৰে অনাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ কয়৷ এই দুৰ্ভাগ্যজনক ঘটনাৰ ফলত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মন্ত্ৰী হাজৰিকাই আহতসকলৰ আশুআৰোগ্য কামনা কৰে৷ প্ৰণিধানযোগ্য যে মণিপুৰত সংঘটিত এক বৃহৎ ভূমিস্খলনৰ ঘটনাত অসমৰ বহুসংখ্যক লোক হতাহত হৈছিল৷ ইয়াৰ পাছতেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ঘটনাস্থলীলৈ যাবৰ বাবে মন্ত্ৰী হাজৰিকাক নিৰ্দেশ দিছিল৷