মঙ্গলদৈ প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মঙ্গলদৈ প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ প্ৰথিতযশা সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক মনজিৎ মহন্তৰ লগতে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ,সাংবাদিক, অধিবক্তা কেশৱ চন্দ্ৰ দত্তৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি যোৱাকালি মঙলদৈ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত প্ৰয়াত দুয়োগৰাকী ব্যক্তিৰ জীৱনাদৰ্শ আলোকপাত কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে উপস্হিত আটায়ে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, অধিবক্তা খলিলুৰ ৰহমান, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ৰাজ্যিক সভাপতি বিপুল মহন্তৰ লগতে মঙলদৈ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া তথা সদস্য সকলে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।