মই হেৰুৱাইছো বাট…
আকাশৰ জোনটি
কেনিবা লুকাই গ’ল
মই জয়াল ধৰণীত
দিশহাৰা পথিক।
সৌৱা দূৰৈত এটি চাকি জ্বলিছে
ঢিমিক-ঢামাক পোহৰে স্পন্দিত হৈ
আন্ধাৰৰ বেহু ফালিবলৈ সংগ্ৰাম কৰিছে
কোনো সাৰসুৰ নাই এতিয়া
মাথো সেই চাকিটিৰ বাদে
গোটেই ধৰণী ডুব গৈছে
নিদ্ৰাৰ সাগৰত।
মই বাটেৰে বাট বুলিছো
চাকিগছি যি দিশত জ্বলিছে
হয়তো কোনে জানে
সেই পোহৰ
মৰীচিকাৰ ছাঁ।
নন্দেশ্বৰ মিলি