মই প্ৰথমে এজন ভাল মানুহ হ’ব বিচাৰো

Pc The Janambhumi

মই প্ৰথমে এজন ভাল মানুহ হ’ব বিচাৰো, আইআইটিৰ অধ্যাপক হোৱাৰ আশা ধৃতিৰাজৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা। দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ধৃতিৰাজে বিজ্ঞান শাখাত ৪৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই।সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিলে ধৃতিৰাজে।পৰীক্ষাৰ ফলাফলৰ পাছত ধৃতিৰাজে সাংবাদিকৰ আগত কয় যে,”সৰ্বোচ্চ উজাৰি অধ্যয়ন কৰিলে ভাল ৰিজাল্ট আহিবই।কষ্ট কৰিলে ফল পাবই।মই প্ৰথমে এজন ভাল মানুহ হ’ব বিচাৰো।যাতে মৃত্যুৰ পাছত সকলোৱে মোক মনত ৰাখে।মই সদায় চেষ্টা কৰিম ১০ জনৰ যাতে মই উপকাৰ সাধন কৰিব পাৰো।মৃত্যুৰ পাছতো যাতে সমাজত দুজন হ’লেও মানুহে মোক চিনি পায়, সেয়াই মোৰ সপোন।”উল্লেখযোগ্য যে ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী শিক্ষাগুৰু হোৱাৰ লক্ষ্য বান্ধি লৈছে ধৃতিৰাজ বাস্তৱ কলিতাই।আইআইটিৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰাখিছে ধৃতিৰাজে।