মই উৰ্মিলাই কৈছো… – অঞ্জুমণি শইকীয়া

pc- Adobe Stock

মই উৰ্মিলাই কৈছো…

অঞ্জুমণি শইকীয়া

যোৰহাট,মালৌ-আলি

……তুমি দিয়া চিঠিৰ উত্তৰ লিখিছো। তুমি মোক সুধিছা, হৈ যোৱা ভুলবোৰ পাহৰি আমি দুয়ো এতিয়াও একোলগে থাকিব নোৱাৰিম নে?

     ভুল তুমি কৰিছিলা, মই নাই কৰা। কিছুমান ভুলৰ শুধৰণি নাই। মোৰ ওচৰত তুমি কি পোৱা নাছিলা, যিটো বিচাৰি মোৰ অজ্ঞাতে তুমি মনিকাক নিজৰ কৰিছিলা? তোমাক শ্ৰদ্ধা কৰিছিলো, ভাল পাইছিলো। সেয়া মোৰ ভুল আছিল নেকি? তোমাৰ কৰ্মস্থলীত নাথাকি একমাত্ৰ ল’ৰাটোক মানুহ কৰাৰ উদ্দেশ্যে অকণমানি ভাড়াঘৰটোত আছিলো, তুমিয়েটো কৈছিলো ‘মোৰ চাকৰি আজি ইয়াত, কাইলৈ বেলেগ এঠাইত, মোৰ লগে লগে স্কুল সলাই থাকিবলৈ অসুবিধা হ’ব।’ তোমাৰ কথাত হয়ভৰ দি ময়ো ল’ৰটোক লৈয়ে একে ঠাইত থাকিছিলো। তুমি প্ৰথমে মাহে মাহে আমাৰ ওচৰলৈ আহিছিলা। তাৰপিছত, চিনি-চাৰি মাহৰ মূৰত, তাৰপিছত………?

     উচ্চাকাংক্ষা কোনো দিনে কৰা নাছিলো। নোপোৱাটো লৈ দুখ কৰা নাছিলো।তুমি ভালপোৱাৰবোৰ কৰিবলৈ যাওঁতে “মোৰ স্বামী” বুলি কোৱা অধিকাৰটো হেৰুৱাই পেলালো।

     নতুন সংসাৰ হোৱাৰ পিছত তোমাৰ কৰ্মস্থলীও সলনি কৰিলা। ময়ো তেমাক বিচাৰি নগ’লো। কিয়নো উচ্ছিষ্টৰ প্ৰতি মোৰ মোহ নাই। ল’ৰাটোক লগত লৈ কাম বিচাৰিলো। অৱশেষত বিস্কুটৰ কাৰখানা এটাত কাম পালো। মালিকে দয়া কৰি থাকিবলৈ কোঠা এটাও দিলে। বহুত কষ্ট কৰি ল’ৰাটোক পঢ়ুৱালো। ভগৱানৰ কৃপাত সি চৰকাৰী চাকৰি এটা পালে। এতিয়া তাৰ বিয়াৰ আগত তোমাৰ চিঠি???

     মই জানো, তোমাক পত্নীয়ে এৰি থৈ তোমাতকৈ ধনৱান ব্যক্তিৰ ওচৰত সুখ বিচাৰি গ’ল।…… আৰু এতিয়া তুমি মোক বিচাৰিছা? পাৰিবানে, মোৰ পাৰ হৈ যোৱা বয়স, যৌৱন ঘূৰাই হিব? লক্ষ্মণ বনৰ পৰা ঘূৰি আহোঁতে উৰ্মিলাৰ কান্দোনত হেনো দশৰথৰ আত্মাইও চকুৰ পানী টুকিছিল। কিন্তু, তুমিতো লক্ষ্মণ হৈ মোৰ ওচৰলৈ অহা নাই। তোমাৰ লগত একেলগে থকাৰ প্ৰণ্নই নুঠে।

     এতিয়া পো-বোৱাৰীৰ লগতেই জীৱনৰ বাকী সময়খিনি পাৰ কৰিম।