ভৰলুৰ গাৰ্ডৱাল ফাটি পুনৰ অনিল নগৰলৈ সোমাইছে পানী

ভৰলুৰ গাৰ্ডৱাল ফাটি পুনৰ অনিল নগৰলৈ সোমাইছে পানী

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ চানমাৰি, উলুবাৰী, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, পাঞ্জাবাৰী, পাণ্ডু কলনীকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ গৈ আছে। শনিবাৰে মহানগৰীৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুৱতিনিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত উল্লিখিত অঞ্চলকেইটা পুনৰ কৃত্ৰিম বানত বুৰ যায়। কৃত্ৰিম বানৰ পৰা অনিল নগৰ, নবীন নগৰক মুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে দিনে-নিশাই দহটা মেচিনেৰে নলাৰ পানী সিঁচি ভৰলু নৈত পেলাই আছে। এফালে পৌৰ নিগমে নলাৰ পানী সিঁচি ভৰলুত পেলাইছে আনফালে ভৰলুৰ গাৰ্ডৱাল ফাটি পুনৰ অনিল নগৰলৈ সোমাইছে পানী। ভৰলুৰ পানী সোমাই অনিল নগৰৰ মুল পথৰ একাংশ বুৰাই পেলোৱাৰ লগতে পুনৰ বহু লোকৰ ঘৰ বানত বুৰ গৈছে। ভৰলুৰ গার্ডৱাল খহি যিকোনো মুহূর্ততে অনিল নগৰ, নবীন নগৰত ভয়ংকৰ অঘটনৰ আশংকাই দেখা দিছে। অৱশ্যে প্ৰশাসনে গার্ডৱালৰ ভঙা অংশত চিমেণ্টৰ বেগত বালি ভৰাই বান্ধ দিছে। একেদৰে ভৰলু নৈৰ গাৰ্ড ৱাল ভাঙি ৰাজগড়-ভঙাগড় সংযোগী উপপথটোৰ এছোৱা বুৰাই পেলাইছে। কৃত্রিম বানত উক্ত উপপথটো তললৈ সোমাইছে। ফলত উক্ত উপপথটোৰে যাতায়াত বন্ধ কৰি দিছে প্রশাসনে।