ভোগালী মেলালৈ পিঠা
উদূলি -মুদূলি আজি মইনাহঁতৰ আখল।
উখল -মাখল লাগিছে পিঠা বোৰৰ মাজত।
ভোগৰ ভোগালী মেলালৈ যোৱাৰ আয়োজন।
তিল পিঠা ওলাইছে তিল আৰু গুৰৰ সৈতে।
চুঙা পিঠা চুঙাৰ পৰা ওলোৱা নাই।
ফেনী পিঠা ফেনেৰে পদূলিত হাজিৰ।
তেল পিঠা তেলত উপঙি নাচোতেই গʼল ।
সুতুলিৰ চিন্তা মেলা কেতিয়া পাবগৈ।
টেকেলি মুখত ভাপত সিজি
টেকেলি পিঠাই ভূমুকি মাৰিলেহি।
খোলাচপৰীয়া পিঠা, জোন পিঠা আৰু পানী পিঠাই
সাজি-কাচি ভোগালী মেলালৈ ওলাইছে।
পিঠাৰ আয়োজন চাই চাই
মইনাহঁতৰ হেঁপাহ পলোৱা নাই।
ময়ূৰাক্ষী গগৈ
যোৰহাট