ভোগালীৰ ভোগ – ইভা গন্ধীয়া ফুকন

PC - Shutterstock
ভোগালীৰ ভোগ
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড় 
শীতৰ বোকোচাত উঠি
আহিল ভোগৰ ভোগালী
কুঁৱলীৰে ঢকা উদ্ং পথাৰত
কাঁচিয়লি ৰ’দৰ আমেজত
নিয়ৰ সিক্ত  নৰানি গচকি
মেজি ভেলাঘৰ সাজি
ডেকা বুঢ়াৰ খদমদমনি
আধুনিকতাৰ লহৰত
ভেলাঘৰ মেজিৰ প্ৰতিযোগিতা
চাৰিওফালে ভোগৰ আয়োজন
ন -ধানৰ সুবাসত
গৰম কাপোৰৰ আবেশত
চেঁচা চেঁচা শিহৰণ
চিত্ৰ উত্ৰাৱল,হৃদয় নিৰ্মল
লগে ভাগে মাছে মঙহে এসাজ খোৱাৰ আনন্দ
জীয়ৰী বোৱাৰীৰো তত নাই গাত
মিক্সিৰ ঘেৰঘেৰনিত ঢেঁকী উঠিল চাংত
বিধে বিধে জা – জলপান, পিঠা- পনাৰ আমোলমোলনি
দৈ ক্ৰীমৰ সমাহাৰ
ভোগবাদৰ পৃষ্ঠাত হাজাৰখন ধৰ্মযুদ্ধ
বৰণীয়া আকাশ
আকাশৰ তলত হৰেক চেতনা
জীবনৰ স্থিতিস্থাপকতা , ভংগুৰতা
পুৰণিৰ বাটেৰে নতুনৰ খোজ ।