ভেশচন  – শৈলেন কুমাৰ

PC - Pixabay

( অণুগল্প )

ভেশচন 

শৈলেন কুমাৰ
 মিৰ্জা ( কামৰূপ )

সমাজত দাস ডাঙৰীয়াক সকলোৱে এজন দানদক্ষিণা কৰা নিৰাশ্ৰয়ক আশ্ৰয় দিয়া,দুখীয়াক সহায় কৰা,ভোকাতুৰক আহাৰ দিয়া এজন দয়ালু মানুহ লগতে ৰাজনৈতিক ভাৱে বহু প্ৰভাৱশালী,ক্ষমতাশালী ব্যক্তি হিচাপে সমাজত তেখেত চিৰপৰিচিত এটা ব্যক্তিত্ব৷ এদিন দাস ডাঙৰীয়াই মন্দিৰ প্ৰাঙ্গণত ভিক্ষাৰীবোৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ মূহূৰ্ততে তাৰে এজন মানসিক বিকাৰগ্ৰস্ত ভিক্ষাৰীয়ে দাস ডাঙৰীয়াক গালিগালাজ আৰু অসভ্য আচৰণ কৰাত দাস ডাঙৰীয়াই তেখেতৰ লগুৱাৰ হতুৱাই ভিক্ষাৰীজনক মন্দিৰ প্ৰাঙ্গণত নিৰ্মমভাৱে মাৰপিট কৰালে ৷ তেতিয়া সকলোৰে মনত সংশয় উপজিল আৰু দাস ডাঙৰীয়াৰ প্ৰকৃত ভাৱমূৰ্তিৰ ওপৰত এটা বৃহৎ প্ৰশ্ন বধক সৃষ্টি হ’ল ।