ভাৰতৰ বাহিৰে কোনো দেশে ইন্ধনৰ বাবে ধন যোগান ধৰা নাই: অৰ্থনৈতিক সংকটৰ মাজত শ্ৰীলংকা
ৰঙিলী বাৰ্ত্তাসেৱা- আইএমএফক শ্ৰীলংকালৈ ইয়াৰ সহায় কাৰ্যসূচী “ত্বৰান্বিত” কৰিবলৈ আহ্বান জনাই দেশখনৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কয় যে অৰ্থনৈতিক সংকটৰ মাজত ভাৰতৰ বাহিৰে আন কোনো দেশে ইন্ধনৰ বাবে ধন যোগান ধৰা নাই। ভাৰতে শ্ৰীলংকাক সাহায্য আগবঢ়াব নোৱাৰে বুলি উল্লেখ কৰি বিক্ৰমসিংহে লগতে কয়, “আমাৰ ভাৰতীয় ক্ৰেডিট লাইন এতিয়া শেষ হোৱাৰ ওচৰত আছে। আমি ইয়াক সম্প্ৰসাৰিত কৰাৰ কথা কৈছো।”