ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত মঙলদৈৰ জিণ্টিমণি কলিতা

Pc ETV Bharat

ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত মঙলদৈৰ জিণ্টিমণি কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনুৰ্ধ্বৰ দলত স্থান পালে অসমৰ এগৰাকী কিশোৰীয়ে।১৯ অনুৰ্ধ্বৰ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছে মঙলদৈৰ উদিয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতা।জিণ্টিমণিয়ে আগন্তুক ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডে অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখন।প্ৰতিযোগিতাখনত ভাৰতৰ উপৰিও থাকিব ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা৷প্ৰতিযোগিতাখনত ভাৰতৰ এ আৰু বি দুয়োটা দলে অংশগ্ৰহণ কৰিব। জিণ্টিমণি ভাৰতীয় এ দলটোলৈ নিৰ্বাচিত হৈছে।উল্লেখযোগ্য যে মঙলদৈ শান্তিপুৰ নিবাসী নকুল কলিতা আৰু শেৱালী কলিতাৰ সন্তান জিণ্টিমণি কলিতা।মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি থাকোতে ১৯ অনূৰ্ধ্ব অসম দলৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত খেলিবলৈ যোৱা জিণ্টিমণি কলিতাই ইতিমধ্যে ২৩ বছৰ অনূৰ্ধ্ব অসম দলৰ হৈয়ো খেলিছে।