ভাৰতীয় মহিলা ক্ৰিকেট দলত দুগৰাকী অসম কন্যা

ভাৰতীয় মহিলা ক্ৰিকেট দলত দুগৰাকী অসম কন্যা

ৰঙিলী বাৰ্ত্তাসেৱা- দুগৰাকীকৈ অসম কন্যাই ভাৰতীয় মহিলা ক্ৰিকেট দলত সুযোগ লাভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেটৰ A দলত অসমৰ দুগৰাকী কন্যাই স্থান লাভ কৰি অসমবাসীক গৌৰাম্বিত কৰি তুলিছে। উইকেটকীপাৰ বেটাৰ উমা ছেত্ৰী আৰু অলৰাউণ্ডাৰ জিণ্টিমণি কলিতাই ভাৰত এ দলৰ অংশ হ’ব। বোকাখাতৰ উমা ছেত্ৰী এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা জ্যেষ্ঠ ভাৰতীয় মহিলা দলৰ অংশ আছিল। আনহাতে, দৰঙৰ জিণ্টিমণি কলিতা মুম্বাই ইণ্ডিয়ানছৰ মহিলা দলৰ এক অবিচ্ছেদ্য অংশ আছিল। অসম ক্ৰিকেট সন্থাৰ লগতে লগতে সমগ্ৰ অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে।