ভাৰতীয় ক্রিকেট দলে নৱেম্বৰৰ পৰা ২০২২ৰ জুনলৈ ১৪খন টি-২০ মেচ খেলিব
অনলাইন বাৰ্ত্তাসেৱা- বি চি চি আয়ে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২২ৰ জুনলৈ টীম ইণ্ডিয়াই ঘৰৰ মাটিত খেলিবলগীয়া শৃংখলাৰ সূচী ঘোষণা কৰে। টীম ইণ্ডিয়াই ১৪খন টি-২০ খেলাৰ বিপৰীতে মাত্ৰ তিনিখন এদিনীয়া আৰু চাৰিখন টেষ্ট খেলিব বুলি বি চি চি আয়ে প্রকাশ কৰে। নিউজিলেণ্ডে নৱেম্বৰ-ডিচেম্বৰত, ৱেষ্ট ইণ্ডিজে ২০২২ৰ ফেব্ৰুৱাৰীত, শ্রীলংকাই ফেব্ৰুৱাৰী-মাৰ্চত আৰু দক্ষিণ আফ্ৰিকাই জুনত ভাৰত ভ্রমণ কৰিব। ভাৰতে ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজৰ সময়ছোৱাত দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। এপ্রিল-মে’ মাহত টীম ইণ্ডিয়াৰ খেলুৱৈসকল আই পি এলত ব্যস্ত হৈ পৰিব। টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত দুখন টেষ্ট আৰু তিনিখন টি-২০ খেলাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ খেলিব। দক্ষিণ আফ্ৰিকাই ১০ দিনৰ বাবে পাঁচখন টি-২০ৰ সূচী লৈ ভাৰত ভ্ৰমণলৈ আহিব। অহা বৰ্ষত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে আগন্তুক ঘৰুৱা ছিজনত ১৪খনলৈ টি-২০ মেচ সন্নিৱিষ্ট কৰিছে।