ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰৰ প্ৰতিষ্ঠা দিৱস

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত কৃষকৰ আই দুগুণীকৰন কৰা গাঁৱৰ কৃষকসকলৰ উপস্থিতিত বিশেষ দিন উদযাপন

টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰ(ICAR)ৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত কৃষকৰ আই দুগুণীকৰন কৰা গাঁৱৰ কৃষকসকলৰ লগত এক বিশেষ দিন উদযাপন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ অধীনত নিজ শিমলুগুৰি আৰু বৰকছাৰী নামৰ দুখন গাঁৱত উন্নত পদ্ধতিৰে তথা কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা বিভিন্ন কৃষিকাৰ্য্য কৰি ইতিমধ্যে কৃষকসকল স্বাৱলম্বী হোৱাৰ লগতে তেওলোকৰ আয় বৃদ্ধি হৈছে। নগাঁৱৰ শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানটিৰ আদৰনি ভাষন প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই কৃষকসকলক ব্যৱসায়ীক ভিত্তিত বজাৰমুখী চিন্তাৰে কৃষি কাৰ্য কৰিবলৈ আহ্বান জনাই। নিজ শিমলুগুৰি আৰু বৰকছাৰী গাঁৱৰ প্ৰগতিশীল কৃষক, কৃষিৰতা মহিলা সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিজ্ঞানী সকলে অংশ গ্ৰহণ কৰে। ইফালে আই চি এ আৰ(ICAR)ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত পুৱাই ৰহাৰ জোঙাল বলহু পথাৰত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ ব্যৱস্থাৰ শুভাৰম্ভণি কৰা হয়।