বিশ্বৰ সবাতোকৈ কনিষ্ঠ প্ৰেচিডেন্ট – দেৱীকা বৰপূজাৰী

pc- Lowy Institute

বিশ্বৰ সবাতোকৈ কনিষ্ঠ প্ৰেচিডেন্ট 

এই খবৰ দক্ষিণ আমেৰিকাৰ Chile ৰ ৰাজধানী চানটিয়াগো ৰ। লেটিন আমেৰিকাৰ এই দেশত পোন প্ৰথমবাৰৰ বাবে , কবলৈ গলে পৃথিৱীৰ ভিতৰতে কম বয়সীয়া প্ৰেচিডেন্ট Chile ৰ ৰাইজে মনোনীত কৰিলে- ৩৬ বছৰীয়া গাবৰীয়েল বৰিক ( Gabriel Boric)ক। বাওঁপন্থী , আইনৰ ছাত্ৰ নেতা Boric য়ে Chile ৰ জনসাধাৰণৰ জীৱন উন্নত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ অলপতে নৱ নিৰ্বাচিত প্ৰেচিডেন্ট হিচাবে শপত গ্ৰহণ কৰে।
Boric মাথো চাৰি বছৰীয়া আছিল — ১৭ বছৰীয়া একনায়কত্ববাদ আঁতৰি Chile ত প্ৰজাতন্ত্ৰ ঘূৰি আহিছিল। ১৯৭৩ ৰ পৰা ১৯৯০ চনলৈকে জেনেৰেল Augusto Pinochet ৰ শাসন কালত দেশত হৈ থকা নানা অন্যায় অনিয়ম আৰু দুখীয়া প্ৰজাৰ প্ৰতি চকু কান নিদিয়া অৱস্থাৰ ইতি পেলাবলৈ বৰিক দৃঢ় প্ৰতিজ্ঞ হ’ল। চৰকাৰী বিল্ডিঙৰ বেলকনিৰ পৰা তেওঁ জনসাধাৰণক উদ্দেশ্যে কৰি কৈছিল ” আমি আমাৰ দেশলৈ সুখ শান্তি ঘূৰাই আনিবলৈকে ওলাই আহিছো “।
Boric ৰ চাৰি বছৰীয়া ম্যাদ আৰম্ভ হৈছিল,
যেতিয়া Pinochet ৰ আমোলত থকা সংবিধান খন সলনি কৰা হৈছিল । Boric প্ৰেচিডেন্ট হোৱাৰ আন এক উল্লেখযোগ্য বাতৰি হ’ল, তেওঁৰ কেবিনেটক ‘ফেমিনিষ্ট কেবিনেট ‘ বুলি কব পাৰি কিয়নো Boric ৰ কেবিনেটত দহজন পুৰুষৰ বিপৰীতে চৈধ্য গৰাকী মহিলা সন্নিবিষ্ট কৰা হয়।
Boric নিৰ্বাচন ত জিকাৰ পাছত সকলো investor য়ে ভয় খাইছিল , হয়তো Stock মাৰ্কেট ৰ বজাৰৰ দৰদামৰ তাৰতম্য হব; কিন্তু Boric য়ে এজন সন্মানীয় অৰ্থনীতিবিদক বিত্ত মন্ত্ৰীৰ পদ দি দূৰদৰ্শীতাৰ পৰিচয় দিয়ে।
Boric য়ে স্থিৰ কৰে যে, সকলো ইতিবাচক পৰিবৰ্তন এটা এটাকৈ কৰি যাব , নহলে হয়তো আগৰ অৱস্থালৈকে ঘূৰি আহিব লাগিব।
বৃহৎ মিনাৰেল খনিৰ অৱস্থিতি ৰ হেতু চিলি লেটিন আমেৰিকাৰ সবাতোকৈ অৰ্থনৈতিক সাফল্যৰ স্থল। কিন্তু তথাপি কেইবা বছৰ ধৰি চিলি ত আন্দোলন হৈ আছিল – উন্নত শিক্ষা ব্যৱস্থা, সময়মতে পাব লগীয়া পেঞ্চন আৰু সকলোৰে সুৰক্ষিত স্বাস্থ্যৰক্ষাৰ বাবে !
উত্তৰ চিলিত যেতিয়া ভগনীয়া সকল কেউফালৰ পৰা সোমাই আহিছিল, তেতিয়া বহু খিলঞ্জীয়া দলে প্ৰচুৰ প্ৰতিবাদ কৰি আছিল আৰু সেই সময়তে Boric চিলিৰ প্ৰেচিডেন্ট হিচাবে নিৰ্বাচিত হৈছিল। লগতে এই সময়তে বিশ্বব্যাপি হোৱা পেনডেমিক আৰু আন্তৰ্জাতিক ধুমুহা বলিছিল – ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়তে।
চিলি য়ে নতুনকৈ সপোন দেখিবলৈ আৰম্ভ কৰিছে – Gabriel Boric ৰ যোগেদি। কম বয়স বুলি কোনো কথা নাই আৰু বয়স হলেও যে বেলেগ কিবা নতুন হব – কোনো ভৰসা নাই। লাগে মাথো দেশৰ প্ৰতি সঁচা প্ৰেম আৰু দেশবাসীলৈ একাগ্ৰতা।

দেৱীকা বৰপূজাৰী
মুম্বাই ।