ভাৰতত ৯,৯২৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ভাৰতত ৯,৯২৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯,৯২৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৭ জন লোকৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত ৭,২৯৩ জন লোক কৰ’নাত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৪,৮৯০ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ৭৯,৩১৩ টা সক্ৰিয় ঘটনা আছে।