ভাৰতত ১৩,০৮৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

pc northeast now

ভাৰতত ১৩,০৮৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,০৮৬ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে।১২,৪৫৬ জন লোক যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৯ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৫,২৪২ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,১৪,৪৭৫ লৈ বৃদ্ধি ।