ভাৰতত পুনৰ কৰʼনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি 

pc- Paho

ভাৰতত পুনৰ কৰʼনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি 

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ৩৪,৯৭৩ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে যাৰ ফলত কৰʼনাত সংক্ৰমিত ৰোগীৰ মুঠ সংখ্যা ৩,৩১,৭৪,৯৫৪ লৈ বৃদ্ধি হৈছে। ২৪ ঘণ্টাত কৰʼনাৰ ফলত ২৬০ জন লোকৰ মৃত্যু হোৱাৰ সৈতে মৃত্যুৰ সংখ্যা ৪,৪২,০০৯ লৈ বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত ৩,৯০,৬৪৬টা কৰʼনাৰ সক্ৰিয় ঘটনা আছে। কৰʼনা সংক্ৰমণৰ পৰা ৩,২৩,২,২৯৯ জন লোক সুস্থ হৈ উঠিছে। কেন্দ্ৰৰ তথ্য অনুসৰি, ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ আধাতকৈও অধিক লোকে কমেও এটা পালি কৰʼনা ভাইৰাছ ভেকছিন লৈছে আৰু ১৮ শতাংশ দুয়োটা পালি গ্ৰহণ কৰিছে।

 

(RT)