ভাৰতত পুনৰ কৰʼনাৰ সংক্ৰমণ বৃদ্ধি

Pc- ISO

ভাৰতত পুনৰ কৰʼনাৰ সংক্ৰমণ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৬,৭২৭ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ২৭৭ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোকৰ প্ৰায় ৬০ শতাংশে কেৰালৰ। ৰাজ্যখনত ১৫,৯১৪ জন লোক কৰʼনা সংক্ৰমিত হোৱাৰ লগতে ১২২ জন লোকৰ মৃত্যু হৈছে। ভাৰতত এতিয়ালৈ মুঠ ৩,৩৭,৬৬,৭০৭ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। মুঠ ৪,৪৮,৩৩৯ জন লোকৰ মৃত্যু হৈছে। দেশখনত বৰ্তমান ২,৭৫,২২৪ টা সক্ৰিয় ঘটনা আছে।