ভাৰতত নতুনকৈ ৩৪,১১৩ জন লোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৪,১১৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ ৩৪৬জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দৈনিক পজিটিভৰ হাৰ ৩.১৯% হয়। আনহাতে ভাৰতত বৰ্তমান ৪,৭৮,৮৮২টা সক্ৰিয় ঘটনা আছে।