ভাৰতত নতুনকৈ ১,৩৩৫ জন লোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৩৩৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত ৫২ জনলোকৰ নতুনকৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,১৮১ জনলৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত ১,৯০০ৰো অধিক লোক কৰ’নাত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশৰ সক্ৰিয় ঘটনাসমূহ ১৩,৬৭২ লৈ হ্ৰাস পাইছে।