ভাৰতত নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত ৫০১ জন লোকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,৫২৬ জন লোক নতুনকৈ কৰʼনাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৫০১ জন লোকৰ কৰʼনাতআক্ৰান্ত হৈ মৃত্যু হৈছে। নতুন ঘটনাৰ সৈতে, দেশৰ মুঠ কৰʼনা সংক্ৰমণৰ ঘটনা ৩,৪৪,১৪,১৮৬ লৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ১,৩৭,৪১৬ টা সক্ৰিয় ঘটনা আছে।