ভাৰতক যক্ষ্মামুক্ত কৰাৰ সংকল্প কেন্দ্ৰীয় চৰকাৰৰ

Pc- Cidrap

ভাৰতক যক্ষ্মামুক্ত কৰাৰ সংকল্প কেন্দ্ৰীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশক যক্ষ্মামুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । চৰকাৰে এই লক্ষ্যত উপনীত হ’বলৈ যক্ষ্মাৰ টিকাক লৈ কাম আৰম্ভ কৰি দিছে। চৰকাৰৰ এক সুত্ৰই সদৰী কৰা অনুসৰি একে সময়তে দুটা  ভেকচিনৰ কাম আৰম্ভ হৈছে। ইয়াৰে এটা হৈছে দেশীয় প্রযুক্তিৰে প্ৰস্তুত কৰিবলৈ লোৱা ইমিউভাক। আনটো হৈছে জার্মানীত প্ৰস্তুত কৰা ভি পি এম ১০০২। দুয়োটা ভেকচিনৰে তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্রয়োগ চলাইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ।