ভাল লগাবোৰ ভালপোৱালৈ ঢাপলি মেলিলে-পাৰ্থপ্ৰতীম শৰণীয়া(তামুলপুৰ)

ভাললগাবোৰ ভালপোৱালৈ ঢাপলি মেলিলে

ভাললগাবোৰ ভালপোৱালৈ ঢাপলি মেলিলে
গমকে নাপালো কেতিয়া,
তোমাতে লীন হৈ ৰোৱাৰ বাসনা
আজি উতনুৱা কলিজাটোত বয়।
মৌন দুওঁঠ
তথাপি আবেগে হেচুকি কয়
তোমাৰ কথা বিৰামবিহীন,
তাতে মোৰো সমস্ত ক্লান্তি
থমকি ৰয়।
বৈ গ’লা তুমি
বুকুৰ সোমাজে নৈৰ দৰে
উটুৱাই আনিলা
নষ্টালজিয়াৰ এমুঠি কবিতা।
কি অচিন আবিৰেৰে বুৰালা মোক
ৰঙীন প্ৰতি স্বপ্নালী নিশা
খেলিমেলি ভাৱনাৰ ভিৰৰ মাজত
তুমি মোৰ জীৱন তৃষ্ণা।
ভাললগাবোৰ ভালপোৱালৈ ঢাপলি মেলিলে
আজি উশাহে নিশাহে সেউজৰ গধুৰতা
দুবাহুত তুমি বাকি দিয়া আতুৰতা
আকাশে দিয়া এজাক বৰষুণ
জীপাল মোৰ শুষ্ক উপত‍্যাকা।
তোমাৰ সান্নিধ‍্যত
মই হেৰাই যাব খোজো
মোক হেৰাব নিদিবা
একুঁকি পৰশ ল’ব দিয়া
তোমাৰ কোলাতে মূৰ থৈ।

:পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ