ভাড়াত দিব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাড়াত দিব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদ ৷ ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিব বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী। এইবাৰ বাহিৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানক ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ অধ্যক্ষতাত কমিটী গঠন কৰিছে কৰ্তৃপক্ষই। কমিটীত আছে অধ্যাপক ৰাখী কলিতা মৰল। কমিটীত অধ্যাপক মনজিৎ কুমাৰ ভট্টাচাৰ্য, ডেইজী দাস। কমিটীত আছে কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা। উচ্চ বৰ্গৰ সহায়ক ৰামচন্দ্ৰ দাসো আছে কমিটীত। কমিটীয়ে চৌহদ আবণ্টনক লৈ প্ৰস্তুত কৰিব মাষ্টাৰ প্লেন। চৰকাৰী অনুদান নোপোৱাৰ পৰিপ্ৰেক্ষিত চৌহদ ভাড়া দিবলৈ ওলাইছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ মূলতঃ অসম চৰকাৰৰ চৰম দায়িত্বহীনতাৰ বাবেই ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে ৷ গুৱাহাটীৰ মাজমজিয়াত থকা উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানখনৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভূমি বাহিৰা ব্যক্তি বা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব ওলাইছে ৷ বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্ত পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷