বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰৰ দাবীৰে এপিডিচিএলৰ অধ্য অসম তৃণমূল কংগ্ৰেছৰ স্মাৰক পত্ৰ

Pc Wikipedia

বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰৰ দাবীৰে এপিডিচিএলৰ অধ্য অসম তৃণমূল কংগ্ৰেছৰ স্মাৰক পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ ৰাজ্যজুৰি বিদ্যুত মাচুল অস্বাভাৱিক হাৰত বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছে৷বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰৰ দাবীৰে অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতি দলে বিজুলী ভৱনত মুখ্য মহা প্ৰৱন্ধক প্ৰদীপ গোস্বামীৰ জৰিয়তে এপিডিচিএলৰ অধ্যক্ষলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰত অসম তৃণমূল কংগ্ৰেছে শেহতীয়াকৈ হঠাতে বিদ্যুত মাচুল বৃদ্ধিৰ কাৰণ সন্দৰ্ভত তদন্তৰ দাবী জনোৱাৰ লগতে স্মাৰ্ট মিটাৰৰ বাবে এয়া হোৱা বুলি একাংশই কৰা অভিযোগৰ বিষয়েও কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে।সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই মূল্যবৃদ্ধিয়ে কোঙা কৰি ৰখা জনসাধাৰণক মাধমাৰ শোধাবলৈ চৰকাৰে বিদ্যুত মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰা বাবে কঠোৰ সমালোচনা কৰে।আনহাতে বিষয়টো সন্দৰ্ভত ‘মই একো নাজানো’ বুলি গা এৰা মন্তব্য দিয়া শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দিলীপ কুমাৰ শৰ্মাই একো কাম নোহোৱা মানুহে কেনেকৈ বিভাগ চলাইছে বুলি কটাক্ষ কৰে।