বৰ্তমান মাজুলী আৰু যোৰহাটৰ মাজত সেৱা আগবঢ়াব মুঠ ৬খন চৰকাৰী ফেৰীয়ে
অনলাইন বাৰ্ত্তাসেৱা – মাজুলী আৰু যোৰহাটৰ মাজত চলাচল কৰা মুঠ ১৯খন ফেৰীত অহা ছমাহৰ ভিতৰত মেৰিন ইঞ্জিন সংযোজন কৰা হ’ব। নতুন মানসম্পন্ন পৰিচালনা বিধি অনুসৰি, মেৰিন ইঞ্জিন থকা ফেৰীসমূহৰ বাদে সকলোবোৰ ব্যক্তিগত ফেৰীৰ চলাচল বাতিল কৰা হয়। বৰ্তমান মাজুলী আৰু যোৰহাটৰ মাজত সেৱা আগবঢ়াব দুখন ৰ’পেক্সকে ধৰি মুঠ ৬খন চৰকাৰী ফেৰীয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আভ্যন্তৰীণ জল পৰিবহণ সংক্রান্তত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে গ্ৰহণ কৰে উক্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। খৰালিকালত মাজুলী-যোৰহাটৰ নদীপথটোৰ যাতায়াত সুচল কৰি ৰখাৰ বাবে ড্রেজাৰেৰে নদী খননৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সেইদৰে ফেৰীৰে যাতায়াত কৰাৰ ক্ষেত্ৰত সকলো যাত্ৰীয়ে লাইভ জেকেট পৰিধান কৰিব লাগিব। ফেৰীসমূহে লংগৰ পেলাবলৈ মাজুলী আৰু যোৰহাটৰ পাৰঘাটসমূহত অতি কমেও দুটাকৈ ৰেম্প বা অস্থায়ী ভেটিৰ ব্যৱস্থা কৰা হ’ব। ফ্ৰেীসমূহৰ আগমন আৰু প্ৰস্থানৰ সময়ত মাজুলী আৰু যোৰহাট জিলাৰ প্ৰতিখনৰে এগৰাকীকৈ দণ্ডাধীশক গতিবিধি নিৰীক্ষণ কৰাৰ বাবে দায়িত্বত ন্যস্ত কৰা হ’ব আৰু তেওঁলোকে সংশ্লিষ্ট উপায়ুক্তসকলক দৈনিক প্রতিবেদন দাখিল কৰিব। সেইদৰে ফেৰীত উঠাৰ পূৰ্বে প্ৰতিগৰাকী যাত্ৰীক টিকট দিয়া হ’ব আৰু তেওঁলোকৰ নাম-ঠিকনা তথা যোগাযোগৰ নম্বৰ এখন ৰেজিষ্ট্ৰাৰত লিপিবদ্ধ কৰা হ’ব। ফেৰীসমূহৰ চলাচলৰ বাবে ইন্ধন যোগান ব্যৱস্থা বিত্ত বিভাগৰ চিলিঙৰ আওতাৰ পৰা মুক্ত কৰা হ’ব। মাজুলী আৰু যোৰহাট জিলাৰ উপায়ুক্ত দুগৰাকীয়ে সঘনে পাঘাটসমূহৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰিব ৷ ফেৰীসেৱা সুসংবদ্ধ কৰি ৰখাৰ বাবে আভ্যন্তৰীণ জল পৰিৱহণৰ সঞ্চালককে ধৰি পৰিবহণ বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণৰ জ্যেষ্ঠ বিষয়াসকলে নিয়মীয়াকৈ পাৰঘাটসমূহ পৰিদৰ্শন কৰিব। প্ৰতিটো ঘাটতে শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, জিৰণি চ’ৰাকে ধৰি ন্যূনতম সা-সুবিধাসমূহ যাত্ৰীসকলক প্ৰদান কৰা হ’ব। এই এছ.অ’.পি. অনুসৰি আভ্যন্তৰীণ জল পৰিবহণৰ নিৰ্ধাৰিত কৰ্তৃপক্ষই ব্যৱহাৰৰ পূৰ্বে প্ৰতিখন ফেৰীৰ সুৰক্ষা সংক্রান্তীয় পৰীক্ষা কৰা হব। ইয়াৰ লগতে ফেৰীসমূহৰ ব্যৱহাৰৰ উপযোগিতা অগ্নি নির্বাপণ আৰু জীৱনৰক্ষক সামগ্ৰীৰ উপলব্ধতা তথা ফেৰীৰ কৰ্মচাৰীসকলৰ যোগ্যতা নিৰীক্ষণ কৰা হ’ব ।
(UD.)