বৰুণ ধাৱান, কৃতি চাননৰ ‘ভেদিয়া’ মুক্তি স্থগিত

Pc Pinkvilla

বৰুণ ধাৱান, কৃতি চাননৰ ‘ভেদিয়া’ মুক্তি স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰুণ ধাৱান আৰু কৃতি চানন অভিনীত পৰিচালক অমৰ কৌশিকৰ ‘ভেদিয়া’ৰ মুক্তি পিছুৱাই দিয়া হৈছে। ২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পাবলগীয়া ভৌতিক-কৌতুকখন এতিয়া অক্টোবৰ-ডিচেম্বৰৰ ভিতৰত ২০২২ চনৰ শেষ চতুৰ্থাংশত মুক্তি পাব, প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদন অনুসৰি, চলচ্চিত্ৰখন প্ৰযোজনা-পৰৱৰ্তী পৰ্যায়ত আছে আৰু ভিজুৱেল প্ৰভাৱবোৰে আশাতকৈ অধিক সময় লৈছে।