বৰুণ দেৱতাৰ কৃপা তথা- দেৱাশীষ গোস্বামী

বৰুণ দেৱতাৰ কৃপা তথা
মূল্য বৃদ্ধিৰ মাধমাৰ 

বৰুণ দেৱতাই যদি বাৰিষা চকু নেমেলে,মেলিবনো কেতিয়া নহয়নে?পিছে কৃপাদৃষ্টি (কোপদৃষ্টি??)কেইদিনমান পৰিল কি নপৰিল বজাৰত জুই লাগিলেই।জিকা- ৬০,তৰৈ-৫০,ভাতকেৰেলা-৬০,টিহু -৪০,পটল-৫০,গাজৰ-৮০,বিলাহী-৮০,আদা-২০০ ইত্যাদি ইত্যাদি। মূল্যবৃদ্ধিৰ জুইকুৰাই এনেকৈ চাতি ধৰিলে যে মাত্ৰ কেইদিনমান আগৰ ২০ – ৩০টকীয়া পাচলিৰ দাম গৈ ৮০-১০০ টকা পালেগৈ।পাপী পেট, নোখোৱাকৈ থাকিব নোৱাৰি, খাবতো লাগিবই, গত্যন্তৰ নাই। দুদিন মান হৈছে, সূৰ্য দেৱতাই চকু মেলিছে।সমূখত ভৰ বাৰিষা সমাগত।বাৰিষাৰ আৰম্ভণিতেই বজাৰত জুই।বৰুণ দেৱতাৰ কৃপাদৃষ্টি(কোপদৃষ্টি??)যদি আকৌ নেৰানেপেৰাকৈ পৰিবলৈ হয়,সৰ্বসাধাৰণ ৰাইজ মূল্যবৃদ্ধিৰ জুইত জাহ যাব নে পেটত গামোচা মাৰি আকাশলৈ চাই হুমুনিয়াহ কাঢ়ি বতৰ মুকলি হোৱালৈ বাট চাব?

প্ৰকৃতিৰ নিয়ম অনুসৰি বাৰিষা আহিবই,বৰষুণ হ’বই।লগত খোজ মিলাই মূল্যবৃদ্ধিৰ জুইয়ে চাতি ধৰিবই,মাধমাৰ সোধাবই,নতুনত্ব নো কি আছে,নহয়নে?

“আহিছে চৰকাৰ,গৈছে চৰকাৰ…
সুদূৰ প্ৰসাৰী আচনি…
তেনেই অসাৰ….”
আপুনি,মই,আমিতো এতিয়া
নিমাতি কন্যা,চৰণত নতমস্তক।

দেৱাশীষ গোস্বামী