বৰষুণ-উপাসনা ৰাজবংশী

PC-Treehugger
বৰষুণ
এজাক প্ৰেমৰ বৰষুণ মোৰ চোতালত,
নেজানো তোমাৰ চোতালত পৰিছে নে নাই!
এবাৰ খিৰিকীখন খুলি চোৱাচোন,
অনুভৱী বৰষুণজাকে কিজানিবা তোমাকো তিয়ায়।
দেখা পোৱা যদি বৰষুণজাকক সুধিবা,
উকা টোপালবোৰে কিনো কৈ যায়।
মন গ’লে ৰামধেনুখন আঁকি,
ফাগুণৰ হাতত দিবাচোন মোলে পঠিয়াই।
মোৰনো কি! একপক্ষীয় প্ৰেম,
মৰমৰ কোনো হিচাব নাই
আঘোণ যি ফাগুনো সেই একেই,
তুমি বুলিলেই মনটো উৰি যায়
তোমাৰ হৃদয়ৰ মাজলৈ..।
উপাসনা ৰাজবংশী,
কলাইগাওঁ