অনলাইন বাৰ্ত্তাসেৱা – বৰষুণৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ.টি.চি.) ফাইনেলৰ প্ৰথম দিনা খেল বাতিল কৰা হৈছিল। প্ৰতিকূল বতৰৰ বাবে ডব্লিউটিচি ফাইনেল প্ৰথম দিনৰ খেল বাতিল হয়। বৰষুণৰ বাবে টছৰ সময়ো পলম হৈছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) টুইটাৰযোগে প্ৰকাশ কৰিছে যে খেলখন শনিবাৰে নিৰ্ধাৰিত সময়ত আৰম্ভ হ’ব (ভাৰতীয় সময়অনুসৰি আবেলি ৩ বজাত)। নিউজিলেণ্ডৰ বোৰ্ডে টুইট কৰিছিল যে শনিবাৰে ৯৮ অভাৰৰ খেল অনুস্থিত হ’ব।