২০২০-২১ শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল

pc Pratidin Time

অনলাইন বাৰ্ত্তাসেৱা – এই বছৰ অসমত উচ্চ মাধ্যমিক (এইচ.এছ.এল.চি.) আৰু উচ্চতৰ মাধ্যমিক (এইচ.এছ.)ৰ চূড়ান্ত পৰীক্ষা নহয়, ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে। শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে উল্লেখ কৰে যে কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত ইয়াৰ সদস্যসকলৰ পৰামৰ্শ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যাঙ্কনৰ চৰ্ত নিৰ্ধাৰণ কৰিবলৈ দুখন সমিতি গঠন কৰা হ’ব।