বৰভূঁইকঁপৰ পাছত মৃত্যুপুৰীত পৰিণত হৈছে ম্যানমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে ৭.৭ প্রাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত মৃত্যুপুৰীত পৰিণত হৈছে ম্যানমাৰ। ধ্বংসস্তূপত উদ্ধাৰ অভিযান চলাৰ লগে লগে বৃদ্ধি পাই আছে মৃত্যু হোৱা লোকৰ সংখ্যা।শুকুৰবাৰে অহা বিধ্বংসী ভূমিকম্পত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ১,৭০০ অতিক্ৰম কৰিছে। দেশখনৰ প্ৰশাসনে সদৰী কৰা অনুসৰি এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৭০০জন। ইফালে, আহত লোকৰ সংখ্যা ৩,৪০০ হৈছে বুলি প্ৰশাসনৰ সূত্ৰই সদৰী কৰিছে। শুকুৰবাৰে পুৱা প্রায় ১১.৫০ বজাত মধ্য ম্যানমাৰৰ ছাগাইং চহৰৰ উত্তৰ-পশ্চিম দিশত প্ৰথমে ৭.৭ প্রাবল্যৰ শক্তিশালী ভূমিকম্পটোৱে জোকাৰি যোৱাৰ ১২ মিনিট পাছত আন এটা ৬.৪ প্রাবল্যৰ ভূমিকম্পই দেশখনক পুনৰ জোকাৰি যায়।এই দুই শক্তিশালী ভূমিকম্পৰ পৰৱৰ্তী সময়ত সৰু সৰুকৈ ১৪টা ভূমিকম্পৰ সৃষ্টি হয়।এই কম্পনসমূহৰ প্ৰাবল্য ২.৮ৰ পৰা ৬.৭লৈ আছিল বুলি দাবী কৰিছে প্রশাসনে।লক্ষণীয়ভাৱে ম্যানমাৰত প্ৰথমতে ক্ষতিগ্রস্ত প্রাসাদবোৰ এই আফটাৰ শ্বকৰ বাবে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। ম্যানমাৰত অনুভূত এই ভূমিকম্পই প্রতিবেশী থাইলেণ্ডতো ক্ষতিসাধন কৰিছে। থাইলেণ্ডত তাচপাতৰ ঘৱৰ দৰে খহি পৰিছে ৩০ মহলীয়া নির্মীয়মাণ প্রাসাদ। ইতিমধ্যে ধূলিত এই প্রাসাদটো মিহলি হৈ যোৱা শিহৰণকাৰী ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই প্রাসাদ খহি পৰাৰ সময়ত আতংকিত লোকসকলে বিভিন্ন স্থানলৈ দৌৰি জীৱন ৰক্ষা কৰাৰ চেষ্টা চলোৱা দৃশ্যও ভিডিঅ’ত বন্দী হৈছে। উল্লেখনীয় যে এই ভূমিকম্পৰ জোকাৰণি শুকুৰবাৰে কেইবাখনো দেশত অনুভূত হৈছিল। ইতিমধ্যে বিভিন্ন দেশৰ উদ্ধাৰকাৰীয়ে ধ্বংসস্তূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। দেশখনৰ সামৰিক চৰকাৰে দাবী কৰা অনুসৰি ধ্বংসস্তূপত আঁবদ্ধ হৈ আছে কেইবাশও লোক। এই লোকসকলৰ গৰিষ্ঠসংখ্যকৰ মৃত্যু হোৱাৰ আশংকা আছে বুলিও চৰকাৰে দাবী কৰিছে। ভূমিকম্পই ধ্বংসলীলা সৃষ্টি কৰাৰ পাছৰে পৰা ম্যানমাৰত অবর্ণনীয় পৰিস্থিতিয়ে দেখা দিছে। কেউফালে কেৱল ভাঙি পৰা বাসগৃহ, বিশাল বিশাল অট্টালিকাৰ ধ্বংসস্তূপ নাইবা বিধ্বস্ত বাট-পথ। ইফালে, আহত লোকসকলৰ আৰ্ত চিৎকাৰে হাস্পতালসমূহত শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লক্ষণীয়ভাবে এই ভূমিকম্পত ম্যানমাৰৰ উপৰি থাইলেণ্ডতো বিস্তৰ ক্ষতিসাধন হৈছে। অৱশ্যে থাইলেণ্ডৰ ৰাজধানী বেংককত এই ভূমিকম্পত ১০ গৰাকী লোকৰ মৃত্যু হোৱা বুলিহে দেশখনৰ চৰকাৰে সদৰী কৰিছে।ইফালে, ম্যানমাৰৰ মাণ্ডালে চহৰৰ এটা আৱাসিক ব্লকৰ ধ্বংসস্তূপত ৯০ গৰাকী লোক আবদ্ধ হৈ থকা বুলি দাবী কৰিছে উদ্ধাৰকাৰীয়ে। ম্যানমাৰৰ কেইবা স্থানতো উদ্ধাৰকাৰ্য আৰম্ভ কৰা হৈছে। ইতিমধ্যে বিভিন্ন দেশে এই দুৰ্যোগৰ সময়ত দেশখনলৈ সাহায্য সামগ্রী প্ৰেৰণ কৰিছে। আনকি উদ্ধাৰকাৰী দলো প্ৰেৰণ কৰিছে কেইবাখনো দেশে।ইপিনে, ম্যানমাৰ আৰু থাইলেণ্ডত ভূমিকম্পই হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিধ্বস্ত দুই দেশলৈ সহমর্মিতা প্রকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে কয়- ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পাছৰ পৰিস্থিতিক লৈ উদ্বিগ্ন। সুৰক্ষা আৰু সকলোৰে কল্যাণৰ বাবে প্রার্থনা জনাইছোঁ। ভাৰত সকলো সম্ভাব্য সহায়ৰ বাবে সাজু হৈ আছে। ইতিমধ্যে বিভাগীয় কর্তৃপক্ষসমূহক সাজু হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে। বৈদেশিক মন্ত্রালয়ক ম্যানমাৰ আৰু থাইলেণ্ডৰ চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰিবলৈ নির্দেশ দিয়া হৈছে।