বৰপেটা ৰোডত বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি বৃদ্ধ মহিলাৰ মৃত্যু: বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত মৃত্যু হোৱাৰ অভিযোগ

Pc- The Indian Express

বৰপেটা ৰোডত বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি বৃদ্ধ মহিলাৰ মৃত্যু: বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত মৃত্যু হোৱাৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-   বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি এগৰাকী বৃদ্ধ মহিলাৰ মৃত্যুৰ ঘটনাই বৰপেটাৰোড অঞ্চলত এক শোকৰ পৰিবেশৰ সৃষ্টি কৰে।প্ৰাপ্ত তথ্য অনুসৰি আজি চাৰি দিন আগতেই বৰপেটাৰোডৰ সমীপৰ খৈৰাবাৰী কেটেলফাৰ্ম ৰ কাষত বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিঙি আছিল আৰু এই সংক্ৰান্তত স্থানীয় লোকে বৰপেটাৰোডৰ বিদ্যুৎ বিভাগক বাৰে বাৰে জনাইছিল যদিও কোন কানসাৰ নিদিয়াৰ বাবেই আজি পুৱা ঘৰৰ পৰা বাহিৰলৈ আহোতেই বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি মৃত্যুক সাৱটি লব লগা হয়।বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হোৱা মহিলাগৰাকী প্ৰয়াত বীৰেন্দ্ৰ নাথ সৰকাৰৰ সহধৰ্মিনী সাধনা বালা সৰকাৰ(৮৫)বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত স্থানীয় লোকে জনায় বিদ্যুৎ মাচুল  নিয়মীয়া কৈ দিয়াত পলম হলেই বিদ্যুৎ বিভাগে সংযোগ কৰ্তন কৰিদিয়াত অলপ পলম নকৰে, কিন্তু কিছুমান গাঁৱত ৪-৫ দিনলৈ বিদ্যুৎ ব্যহত হৈ থকাৰ পিছতো বিদ্যুৎ বিভাগৰ তৰফৰ পৰা কোনো ব্যৱস্থা নোলোৱা বুলিও অভিযোগ কৰে ৰাইজে।স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এনেকুৱা দুৰ্ঘটনা অঞ্চলটোত সঘনে বৃদ্ধি পাইছে। ৷বৰপেটাৰোড আৰক্ষীয়ে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হোৱা সাধনা বালা চৰকাৰৰ মৃতদেহ মৰণোতৰৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও তিনি সন্তানৰ মাতৃ সাধনা বালাসৰকাৰৰ মৃতদেহ সৎকাৰ কৰিবলৈ কাষত এজন সন্তান উপস্থিত নোহোৱা ঘটনাই এক শোকাকূল পৰিবেশৰ সৃষ্টি কৰিছে বিভিন্ন বিভাগত বৰপেটাৰোডতেই চৰকাৰী চাকৰি কৰা পুত্ৰ জীতেন চৰকাৰ,উপেন্দ্ৰ চৰকাৰ,সিবেন চৰকাৰক ৰাইজে একে মুখে ধিক্কাৰ দিছে ৷