বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Pc the janambhumi

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান।বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।১৯৩৮ চনৰ বৰপেটাৰ সুন্দৰীয়াত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱ শৰ্মাই বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।দীৰ্ঘদিনে তেওঁ যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।তেখেতক বহুদিন কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছিল যদিও অৱশেষত পৰলোকপ্ৰাপ্তি ঘটে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।উল্লেখযোগ্য যে মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰি বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে।